বিপদৰ সময়ছোৱাত চাৰিওফালে হোৱা স্তদ্ধতাত সকলো লোক ঘৰৰ ভিতৰত আৱদ্ধ হৈ ৰৈছে যদিও বৰ্তমান নৱপ্ৰজন্মই নতুন নতুন কিছু মাধ্যমৰে নিজ প্ৰতিভা বিকাশ কৰাত ব্যস্ত হৈ পৰিছে। “ব’হাগ বিহু” বুলিলেই কুলি, কেতেকী মাত তথা বিহু গীত; চৌদিশে হোৱা বিহু ফাংছন সমূহেৰে মুঠতে কেওঁদিশ ৰজন জনাই থকা দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত, সেয়া একেবাৰেই সম্ভৱপৰ নহয়। তেনেক্ষেত্ৰত দৰ্শকক মনোৰঞ্জন কৰাবলৈ অথবা ঘৰতে আৱদ্ধ একাংশৰ সুপ্ত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে মাজুলীৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে।

যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলী, কমলাবাৰী গ্ৰুপৰ সৌজন্যত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত অন্তৰ্ভূক্ত হ’বলৈ ৫ মিনিটৰ দৈৰ্ঘ্যৰ এটি নাটকৰ সংলাপ প্ৰতিযোগীয়ে ক’ব লাগিব লগতে ইয়াত প্ৰতিযোগীয়ে মেক আপ নকৰি যদি কোনো বাদ্য যন্ত্ৰৰো ব্যৱহাৰ নকৰে তথাপিও এই প্ৰতিযোগিতাখনত অন্তৰ্ভূক্ত হ’ব পাৰিব। সৰ্বাধিক লাইক, কমেন্ট, শ্বেয়াৰ পোৱাজনে বিজয়ী হ’ব এই প্ৰতিযোগিতা খনত। অহা কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলৰ ভিতৰত পোষ্ট কৰিব লাগিব প্ৰতিযোগীয়ে ভিডিঅ’ সমূহ আৰু ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব ১৫ এপ্ৰিল তাৰিখে।

প্ৰতিযোগিতাখনৰ বাবে নিৰ্দ্দিষ্ট সংলাপ দিয়া হোৱা নাই। সূত্ৰধাৰ নৃত্যৰ পৰা পুৰুষ আৰু নাৰী চৰিত্ৰ ভাগ কৰিব পাৰিব প্ৰতিযোগিয়ে। আমনিদায়ক এই সময়ছোৱাত কিছু সময়ৰ বাবে মনোৰঞ্জন কৰোৱা এই প্ৰচেষ্টাৰ বাবে যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলীক প্ৰশংসা কৰিছে এতিয়া বিভিন্নজনে।
Add comment