“কভিড১৯” ৰ বিপদৰ সময়ছোৱাত বিভিন্নজন বলীউডৰ তাৰকাই সহায় সহযোগিতা তথা অনুদান আগবঢ়ালেও এনেক্ষেত্ৰত দৰ্শক অধিক ব্যস্ত হৈ পৰে তিনি খানৰ অনুদানৰ বিষয়ে জানিবলৈহে। ছলমান-শ্বাহৰুখ-আমিৰ খানৰ অনুদানৰ বাতৰি বিভিন্ন সময়ত শিৰোনামো দখল কৰা দেখিবলৈ পোৱা যায়। এওঁলোকৰ খবৰকলৈ দৰ্শক উৎসাহী অথবা কৌতুহলী নহ’বওনো কিয়?? বলীউড ক্ষেত্ৰখনৰ চুপাৰষ্টাৰ খ্যাত তিনি খান ক্ৰমে ছলমান-শ্বাহৰুখ আৰু আমিৰ খানৰ অনুৰাগীৰ সংখ্যা সকলোতকৈ অধিক গতিকে তেওঁলোকৰ খবৰে শীৰ্ষস্থান গ্ৰহণ কৰাটো গ্ৰহণযোগ্য। “কভিড ১৯” ৰ এনে সংকটময় অৱস্থাত য’ত ছলমান খানে দৈনিক মজুৰি কৰি খোৱা ২৫ হাজাৰ শ্ৰমিকক সহায় আগবঢ়ায়; আনহাতে কিং শ্বাহৰুখ খানে অনুদানৰ পৰিমাণ নোকোৱাকৈ ৭ টা পৃথক পৃথক ধৰণে “ক’ৰ’ণা ভাইৰাছ” ৰ বিৰুদ্ধে এই যুঁজত অংশীদাৰ হয়।

ইয়াৰ পিছতে, আমিৰ খানেও এইবাৰ কোনো ধৰণৰ প্ৰচাৰ অবিহনেই পিএম–কেয়াৰ্ছ ফাণ্ড আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে অনুদান। লগতে, বলীউডৰ আগন্তুক ছবি “লাল সিং চড্ডা” ৰ ছেটৰ শ্ৰমিকসকলকো আমিৰ খানে সাহাৰ্য্য আগবঢ়ায়। “মিষ্টাৰ পাৰফেকচনিষ্ট” আমিৰ খানৰ অনুদানৰ বিষয়ে ইনষ্টাগ্ৰাম পোষ্ট যোগে ব্যক্ত কৰে বলীউডৰ চলচিত্ৰ সমালোচক তৰণ আদৰ্শে। কোনো ধৰণৰ প্ৰচাৰ অবিহনে কৰা আমিৰ খানৰ এনে পদক্ষেপে বৰ্তমান হৃদয় জিনিছে সকলোৰে।
Add comment