Rupaliparda.com
এইবাৰ দীক্ষু শৰ্মা ও দীপলিনা ডেকাৰ অনুদানঃ 1

এইবাৰ দীক্ষু শৰ্মা ও দীপলিনা ডেকাৰ অনুদানঃ

মহানুভৱতাৰ নিদৰ্শনত এখোজ আগবাঢ়িলে অসমীয়া দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে দীক্ষু শৰ্মা আৰু দীপলিনা ডেকা। “অসম আৰোগ্য নিধি” লৈ দুয়োগৰাকীয়ে আগবঢ়ালে নিজ নিজ ক্ষমতানুযায়ী অনুদান। দীক্ষুয়ে অনুদান আগবঢ়ালে ৫০ হাজাৰ টকা লগতে দীপলিনা ডেকাই আগবঢ়ালে মুঠ ২৫ হাজাৰ টকাৰ অনুদান। ক্ৰমশ বৰ্দ্ধিত “কভিড ১৯” পজিটিভ ৰোগীৰ সংখ্যাই বৰ্তমান সমগ্ৰ দেশকে প্ৰত্যাহ্বানৰ সন্মুখীন কৰোৱাইছে; কিন্তু এনেক্ষেত্ৰত সকলো জনসাধাৰণ থিয় হৈছে মাৰ বান্ধি। এনেক্ষেত্ৰত সকলোৱে চৰকাৰলৈ কম-বেছি পৰিমাণে আগবঢ়াইছে অনুদান। আন আন অসমীয়া শিল্পীৰ লগতে বলীউড তাৰকা তথা দক্ষিণৰ চুপাৰষ্টাৰ আদিয়েও বিভিন্ন ধৰণে এই মহামাৰীৰ পৰা বাচিবলৈ চৰকাৰক সহযোগিতা আগবঢ়োৱা আমি দেখিবলৈ পাইছো।


নলবাৰীত জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে। আনহাতে,দীপলিনা ডেকাৰ অভিনয় ও তেওঁৰ সংগীতে বৰ্তমান সময়ত দৰ্শক তথা শ্ৰোতাৰ পৰা কিমান সংখ্যাত সঁহাৰি লাভ কৰিছে সেয়া হয়টো আপোনালোকক নক’লেও বুজি পাব। অসমীয়া ডেকাৰ “ক্ৰাছ” ৰূপে পৰিগণিত এই গৰাকী কন্ঠশিল্পীৰ এনে পদক্ষেপে আকৌ এবাৰ যে তেওঁৰ অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে সেয়া নুই কৰিব নোৱাৰি। শেহতীয়াকৈ দীপলিনাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “মধুলগন” শীৰ্ষক গীতটি এতিয়া অসমীয়া সংগীতৰ হিট লিষ্টত অন্তৰ্ভূক্ত।

View this post on Instagram

আমাৰ দেশ আৰু ৰাজ্য বৰ্তমান এক গভীৰ দুৰ্যোগৰ মাজত পৰিছে। কোনো ধৰণৰ চিকিৎসা আৱিস্কাৰ নোহোৱা এই ভয়াৱহ মহামাৰীৰ কৱলৰ পৰা মুক্তি পোৱাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। বিভিন্ন স্তৰৰ লোকে নিজৰ সামৰ্থ অনুসৰি চৰকাৰখনক সহায় কৰিবলৈ চেষ্টা কৰি আছে। তাৰে মাজতে অসমৰ জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী দীপলীনা ডেকায়ো চৰকাৰখনৰ এই প্ৰচেষ্টাত সহায় কৰাৰ বাবে স্বউপাৰ্জিত কিছু ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াইছে। সহযোগিতাৰে এই বিশাল যুঁজখনত জয়ী হ'বৰ বাবে শিল্পীগৰাকীৰ এই অৱদানে নিশ্চিতভাৱে চৰকাৰক অলপ হ'লেও সহায় কৰিব। #deeplinadeka #deeplinadekafc #fightagaintscorona @deeplina_deka

A post shared by Deeplinadekafc (@deeplinadekafc_) on


উল্লেখ্য যে, উক্ত দুয়োগৰাকী শিল্পীৰ এনে পদক্ষেপত প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে বহু জনসাধাৰণক। অসমীয়া দৰ্শকৰ স্নেহ-মৰমক আৰু এক উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত কৰি দীক্ষু আৰু দীপলিনাই এগৰাকী অসমীয়া ৰূপে নিজ দায়িত্ব পালন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform