Rupaliparda.com
সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিশেষ পদক্ষেপঃ 1

সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিশেষ পদক্ষেপঃ

বৰ্তমান পৰিপ্ৰেক্ষিতত সকলো জনসাধাৰণে এই মহামাৰীটোৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে। কোনোৱে যদি চৰকাৰক সহায়-সহযোগিতা আগবঢ়াইছে; কোনোৱে আকৌ ঘৰৰ ভিতৰত থাকি চৰকাৰক সহায় কৰিছে। ইয়াৰ পিছতো, কিছু লোকৰ অজ্ঞানতাই কেতিয়াবা ব্যাধিৰো সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে গতিকে এনে পৰিস্থিতিত তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। লোক সমূহৰ মাজত এই সজাগতা সৃষ্টি কৰাৰ সহজ উপায়টোৱে হৈছে তেওঁলোকক মনোৰোঞ্জন প্ৰদানৰ যোগেৰে কোনো বস্তুৰ শিক্ষা দিয়া। এই ব্যৱস্থাটোকে হাতত লৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত এটা গীত প্ৰস্তুত কৰি উলিওৱা হৈছে।


অনুপজ্যোতি চৌধুৰী আৰু জয়ন্ত দাসৰ সুৰেৰে নিৰ্মাণ কৰি উলিওৱা এই গীতটিত কন্ঠদান কৰিছে ড° সংগীতা কাকতি, পুলক বেনাৰ্জী, শান্তা উজীৰ, অণিৰ্বাণ দাস আদি জনপ্ৰিয় অসমীয়া কন্ঠশিল্পীয়ে। অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী যুত বিষ্ণু কমল বৰাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, “গানটোৰ পৰিকল্পনা কৰিছিলো যদিও এইক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো; কিয়নো সেইটো সময়ত সমগ্ৰ ভাৰততে লক-ডাউন গতিকে যিসমূহ শিল্পীক আমি এই গীতটোৰ সৈতে জড়িত কৰাৰ পৰিকল্পনা কৰিছিলো তেওঁলোকক অনা-নিয়া তথা এক মিটাৰৰ “চচিয়েল ডিচটেন্স” ৰ কথাবোৰ আছিল প্ৰত্যাহ্বানৰ ক্ষেত্ৰত মূল বিষয়।”

সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিশেষ পদক্ষেপঃ 2


উল্লেখ্যে যে, কম দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে যদিও “কভিড-১৯” ৰ সজাগতা এই গীতটিক বৰ্তমান আকোঁৱালি লৈছে অসমীয়া দৰ্শকে। গীতটিত প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে। ৰূপালীপৰ্দাৰ জৰিয়তে বিষ্ণু কমল বৰাই সাংস্কৃতিক সঞ্চালকালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ কৃতজ্ঞতা কৰে জ্ঞাপন সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰে দলে আৰু আয়ুক্ত সচিব প্ৰীতম শইকীয়া লগতে মূখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীক তথা জিলা প্ৰশাসনক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform