Rupaliparda.com
মানস ৰৱীনে দৰ্শকলৈ আনিলে সুখবৰঃ দিলে ১ লাখ টকাৰ অনুদান- 1

মানস ৰৱীনে দৰ্শকলৈ আনিলে সুখবৰঃ দিলে ১ লাখ টকাৰ অনুদান-

চাৰিওফালে শুনিবলৈ পোৱা কেতবোৰ ঋণাত্মক খবৰৰ মাজতেই জনপ্ৰিয় মানস ৰৱীনে আনিছে কেইটামান ভাল খবৰ। কেইবাটাও জনপ্ৰিয় গীতৰ আঁৰৰ ব্যক্তি মানস ৰৱীনে ৰাজ্যৰ বিভিন্ন কামত আগবাঢ়ি অহা অসমীয়া জনসাধাৰণে দেখি আহিছে। বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনতো বিভিন্ন অসমীয়া অভিনেতা/অভিনেত্ৰীৰ সৈতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মানস ৰৱীনে; ঠিক তেনেদৰেই “কভিড ১৯” ৰ ফলত হোৱা “লক-ডাউন”-এ সৃষ্টি কৰা আতংকিত পৰিস্থিতিত মানস ৰৱীনে বিভিন্ন খাদ্য যোগান ধৰি সহায়ো আগবঢ়াইছে। মুঠ ৮০ টা অসহায় পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে শিল্পী গৰাকীয়ে।


ঠিক তেনেদৰে, এইবাৰ মানস ৰৱীনে “অসম আৰোগ্য নিধি” লৈ মুঠ ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা স্পষ্ট কৰে এক চচিয়েল মিডিয়া ভিডিঅ’ যোগে। তেওঁ ভিডিঅ’ টো যোগেৰে প্ৰশাসন ব্যৱস্থা, চিকিৎসক আদিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই সময়ছোৱাত বিভিন্ন জন শিল্পী যে আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিছে সেই কথাও ব্যক্ত কৰে। ভিডিঅ’টোৰে মানস ৰৱীনে আন এক ভাল খবৰ দৰ্শকক জানিবলৈ দিয়ে; আগন্তুক “জানমণি ২০২০” ৰ দৰেই অসমীয়া ছবি ক্ষেত্ৰলৈ আহিব “জোনবাই”। জনপ্ৰিয় “জোনবাই” ভিচিডিক দৰ্শকৰ হয়টো এতিয়াও মনত আছে; গতিকে এইবাৰ ভিচিডি সলনি নিৰ্মাণ কৰা হ’ব এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জোনবাই”। এই ছবিখনৰেই চিত্ৰনাট্যৰ দায়িত্বত আছে মানস ৰৱীন।

মানস ৰৱীনে দৰ্শকলৈ আনিলে সুখবৰঃ দিলে ১ লাখ টকাৰ অনুদান- 2


১৯৯৫ চনত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ দিয়া মানস ৰৱীন বৰ্তমানৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,সংগীত পৰিচালক ও কন্ঠশিল্পী। “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছাৰ ফিল্ম এৱাৰ্ড” লাভ কৰা মানস ৰৱীনৰ এনে সহায়ৰ হাতে এতিয়া কেইবাটাও পৰিয়ালক সুখেৰে এসাঁজ খোৱাৰ অৱকাশ দিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform