Rupaliparda.com
"মহাভাৰত" ত অন্তৰ্ভূক্ত থীম চং কেনেদৰে প্ৰস্তুত কৰা হৈছিল? চাওঁক ভিডিঅ'- 1

“মহাভাৰত” ত অন্তৰ্ভূক্ত থীম চং কেনেদৰে প্ৰস্তুত কৰা হৈছিল? চাওঁক ভিডিঅ’-

দেশৰ আটাইতকৈ পূৰণা পুৰাণ বুলি ক’বলৈ গ’লে ৰামায়ণ আৰু মহাভাৰতকে কোৱা হয়। এই পুৰাণ দুখনক ধাৰাবাহিক আকাৰত দৰ্শকৰ মাজলৈ লৈ আনিছিল দুজন ব্যক্তি ক্ৰমে ৰামানন্দ সাগৰ আৰু বী.আৰ চোপ্ৰাই। ৰামানন্দ সাগৰৰ দ্বাৰা য’ত “ৰামায়ণ” ৰ সৃষ্টি হৈছিল; তাতেই আকৌ বী.আৰ.চোপ্ৰাই নিৰ্মাণ কৰি উলিয়াইছিল “মহাভাৰত।” বৰ্তমান “ৰামায়ণ” ৰ চৰ্চা চাৰিওফালে হৈ আছে যদিও “মহাভৰত” ও সেইটো সময়ত পিছ পৰি ৰোৱা নাছিল। দৰ্শকৰ সমান্তৰালভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল “মহাভাৰত”য়েও। প্ৰত্যেকটো দৃশ্যৰ লগতে “মহাভাৰত” ৰ থীম চং টোৱেও লাভ কৰিছিল সঁহাৰি। উক্ত থীম চং টোৱে “মহাভাৰত” ক জীৱিত কৰি তুলিছিল বুলি ক’লেও হয়টো ভুল নহ’ব। বৰ্তমান থীম চং টোক প্ৰস্তুত কৰাৰ সময়ছোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।


ভিডিঅ’টোত দেখুওৱা হৈছে যে কেনেদৰে সংগীত পৰিচালক ৰাজ কমলে গীতটো প্ৰস্তুত কৰি আছে আৰু তেওঁৰ সৈতে ইয়াত সহযোগ কৰিছে মহেন্দ্ৰ কাপুৰে; যিয়ে “মহাভাৰত” ৰ উক্ত গীতটিত কন্ঠদান কৰিছিল। বী.আৰ.চোপ্ৰাই তেওঁৰ “মহাভাৰত” খনত প্ৰত্যেকটো দৃশ্যৰ হিচাপত একোটা গীতৰ সৃষ্টি কৰিছিল; কেতিয়াবা দৃশ্যসমূহেৰে দৰ্শকক নুবুজাই তেওঁ তাত সংগীতেৰে বুজাবলৈ চেষ্টা কৰিছিল।

"মহাভাৰত" ত অন্তৰ্ভূক্ত থীম চং কেনেদৰে প্ৰস্তুত কৰা হৈছিল? চাওঁক ভিডিঅ'- 2


৮০ দশকত একোটা গীতত “ভিডিঅ’ ইফেক্ট” দিয়াটো সম্ভৱপৰ নাছিল যদিও ” মহাভাৰত” ত থকা কম সাধনেৰেই দৰ্শকক তেওঁলোকে মনোৰঞ্জন কৰোৱাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform