Rupaliparda.com
টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা- 1

টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা-

“বিগ বছ ১৩” প্ৰচাৰিত হৈ থকা সময়ছোৱাত তাত প্ৰতিযোগী ৰূপে অন্তৰ্ভূক্ত টেলিভিছন ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মি দেশাই প্ৰত্যেকদিনাই বিবাদৰ মাজত সোমাই আছিল। “বিগ বছ ১৩” শেষ হোৱা পিছতো যেন বিবাদ সমূহে পিছ এৰা নাই অভিনেত্ৰী গৰাকীৰ। আৰহান খানৰ সৈতে গঢ়ি উঠিবলগীয়া সম্পৰ্কটোৰ মাজতেই বিভিন্ন বিতৰ্কৰ সন্মুখীন হৈছিল ৰশ্মি দেশাই। দুয়োগৰাকীৰ ইটোৱে সিটোৰ ওপৰত আঙুলি টোৱাইয়ে যেন সম্পূৰ্ণ কৰিছে আলাপ-আলোচনা। “বিগ বছ ১৩” প্ৰচাৰিত হৈ থকা সময়ত মাজতেই আৰহান খান শ্ব’টোৰ পৰা বাহিৰ হোৱা পিছত তেওঁ ৰশ্মি দেশাইৰ ব্যক্তিগত বেংক একাউন্টৰ পৰা লাখৰ অংকত টকাৰ আদান প্ৰদান কৰিছিল; যিসমূহৰ “স্ক্ৰীণচট” কিছুদিন পূৰ্বে ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। এই সকলোবোৰ খবৰৰ পৰা পৰ্দা উঠাই ৰশ্মি দেশাই নিজ মুখ খুলিছে।

টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা- 2


তেওঁ নিজ বেংক একাউন্টৰ পৰা হোৱা টকাৰ আদান-প্ৰদানৰ বিষয়ে অজ্ঞাত বুলি কোৱাৰ লগতে তেওঁ কয়, “মই এইটোও নাজানো যে আৰহানে মোৰ বেংক একাউন্টৰ পৰা টকা কিয় ওলালে? তেওঁ মোৰ একাউন্টৰ পৰা কোন লোকক টকা দিছে সেইটোও মই নাজানো। যিসমূহ স্ক্ৰীণচট দৰ্শকে দেখিছে সেইসমূহত মাত্ৰ ১৫ লাখ টকাহে দেখিছে কিন্তু ইয়াৰ উপৰিও, আৰহানে আৰু টকা লৈছে যিটো মোক দিবলৈ বৰ্তমান তেওঁ অমান্তি হৈছে।” ইয়াৰ পিছতেই; আকৌ ৰশ্মিৰ ওপৰত নিজৰ ক্ষোভ উজাৰি আৰোপ লগাইছে আৰহানে।

টকা লৈ নোলোৱাৰ ভাওঁঃ উভতাই নিদিয়ে ৰশ্মিক আৰহানে টকা- 3


আৰহানৰ মতে, চচিয়েল মিডিয়াত যিসমূহ আদান প্ৰদানৰ ফটো ভাইৰেল হৈছে সেই আটাইসমূহ তেওঁৰ নহয় ইয়াৰ উপৰিও আৰহানে কয় যে, ৰশ্মিয়ে নিজ ইচ্ছানুসৰি চচিয়েল মিডিয়াত ভাইৰেল কৰিছে উক্ত স্ক্ৰীণচট সমূহ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform