Rupaliparda.com
সম্পূৰ্ণ হৈছিল পষ্ট প্ৰডাকচনৰ কামঃ "লক-ডাউন" ৰ আগ্ৰাসনত "উল্কা"- 1

সম্পূৰ্ণ হৈছিল পষ্ট প্ৰডাকচনৰ কামঃ “লক-ডাউন” ৰ আগ্ৰাসনত “উল্কা”-

“লক-ডাউন” ৰ ফলত ইতিমধ্যে মনোৰঞ্জন ক্ষেত্ৰখনত হোৱা অসুবিধা অথবা ক্ষতি সমূহ আমি সকলোৱে দেখিছো। বিভিন্ন জনে ৰূপালীপৰ্দাৰ জৰিয়তে নিজৰ মতো ব্যক্ত কৰিছে। “গৰু”, “বন্ধু”, “লখিমী” আদি ছবিসমূহ এই বছৰৰ বহু প্ৰত্যাশিত ছবি আছিল যদিও এই বছৰত মুক্তি হ’বলগীয়া ছবিৰ তালিকাখনৰ উল্লেখনীয় এখন ছবি আছিল “উল্কা”; যাৰ পষ্ট প্ৰডাকচনৰ সম্পূৰ্ণ কাম সমাপ্ত কৰি চলিত বৰ্ষৰ মে-জুন মাহতেই মুক্তি দিয়া কথা আছিল ছবিখন। কিন্তু বৰ্তমান পৰিস্থিতিৰ কবলত পৰি ছবিখন মুক্তিৰ তাৰিখ আকৌ পিছুৱাই দিয়া হৈছে। চিত্ৰগৃহ সমূহৰ বন্ধৰ নিৰ্দেশনা জাৰি কৰা ফলত আছলতে কেৱলমাত্ৰ অসমীয়া ছবিয়ে নহয়; হিন্দীও কেইবাখনো ছবিৰ তাৰিখৰ উলট-পালট কৰা হৈছে। য’ত হিন্দী ছবিসমূহৰ মুক্তিৰ বাবে OTT প্লেটৰ্ফমৰ যোগাৰ কৰা হৈছে তাতেই আকৌ অসমীয়া ছবি “জানমণি” ক OTT প্লেটফৰ্মত মুক্তি দিয়া পৰিকল্পনা কৰা হৈছিল যদিও বৰ্তমানলৈ সেয়া সম্ভৱ হৈ পৰা নাই।

সম্পূৰ্ণ হৈছিল পষ্ট প্ৰডাকচনৰ কামঃ "লক-ডাউন" ৰ আগ্ৰাসনত "উল্কা"- 2


“উল্কা” ক কেন্দ্ৰ কৰি সচেতন মহলত এক খলকনি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল; কিয়নো জাহ্নু বৰুৱাৰ “অজেয়” ছবিখনত অভিনয়ৰ দ্বাৰা দৰ্শকৰ হৃদয় জিনা ৰূপম চেতিয়াক “উল্কা” ত দেখিবলৈ পোৱা গ’লহেঁতেন এক অন্য ৰূপত। প্ৰণৱ বিবেকৰ পৰিচালনাৰে নিৰ্মিত ছবিখন ইষ্টাৰ্ণ গ্ৰীণ পিস্কাৰৰ বেনাৰত প্ৰযোজনা কৰিছে ভাস্কৰ উপাধ্যায়ে। হোষ্টেলত থাকি শিক্ষা লাভ কৰা কেইজনমান ছাত্ৰৰ এটা “প্ৰেংক”; আৰু এই “প্ৰেংক” টোৱে পিছলৈ গৈ অন্ধ-বিশ্বাসৰ বশৱৰ্তী হৈ কেনেদৰে ই গুৰু-গম্ভীৰ এক কাহিনীলৈ আগবাঢ়ে তাকেই দেখুওৱা হৈছে “উল্কা” ত।

সম্পূৰ্ণ হৈছিল পষ্ট প্ৰডাকচনৰ কামঃ "লক-ডাউন" ৰ আগ্ৰাসনত "উল্কা"- 3


ৰূপম চেতিয়াকে আৰম্ভ কৰি ছবিখনত অভিনয় কৰিছে অমিত কুমাৰ বৰা, পংকজ মহন্ত, পিচপন ইংতি। লগতে ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে পাপৰি কলিতা, আলিস্মিতা গোস্বামী, নিপন গোস্বামী, মিনু বণিয়া আৰু অৰুণ হাজৰিকাই। ব্যংগ কমেডী কাহিনী অন্তৰ্ভূক্ত ছবিখনৰ শীৰ্ষ গীতত কন্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই আৰু ছবিখনৰেই আন এটি গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গে। গীতসমূহত মিউজিক কৰিছে জনপ্ৰিয় ইবচন লাল বৰুৱাই লগতে ছবিখনৰ সহঃপৰিচালকৰ দায়িত্বত আছে ধ্ৰুৱজিৎ বৈশ্য, দেৱজিৎ দাস, মৃণাল ডেকা তথা মৃণাল বৰ্মণ। “লক-ডাউনে” ছবিসমূহ কেতিয়ালৈ মুক্তি দিয়াৰ পৰা বিৰত ৰাখিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform