Rupaliparda.com
১ মিনিটত "Peace of Meat"- 1

১ মিনিটত “Peace of Meat”-

এটা ১ মিনিটৰ গল্পই দৰ্শকৰ মনত যিমান প্ৰভাৱ বিস্তাৰ কৰে তাতকৈ এখন ছবি বা এটা বিজ্ঞাপনে অধিক প্ৰভাৱ বিস্তাৰ কৰে দৰ্শকৰ হৃদয় ও মগজুত। বৰ্তমান চাৰিওফালে জনসাধাৰণক মনোৰঞ্জন কৰোৱাবলৈ বিভিন্ন জনে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। কিছু চিলেব্ৰেটীয়ে য’ত নিজৰ ফিট নেছ টিপ আগবঢ়াইছে; তাতেই আকৌ কিছুৱে কবিতা লিখি জনসাধাৰণক শুনোৱা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত অসমীয়া মনোৰঞ্জন জগতত দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখনকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুৰে নিৰ্মিত কিছু চুটি ছবি। ইতিমধ্যে ৰূপালীপৰ্দাত “যাযাবৰী”, “কাণফুচফুচত ফুচফুচনি” আদি চুটি ছবিৰ বিষয়ে দৰ্শকৰ আগত দাঙি ধৰা হৈছে। ইয়াৰ পিছতেই আপোনালোকৰ ওচৰলৈ আনিছো আন এখন উল্লেখনীয় চুটি ছবি “Peace of Meat”


এক মিনিটতে এটা কাহিনীৰ আৰম্ভ আৰু শেষ দাঙি ধৰা এই চুটি ছবিখনক বৰ্তমান সঁহাৰি জনাইছে দৰ্শকে। উদীয়মান পৰিচালক অৰিন্দম বৰুৱাৰ দ্বাৰা পৰিচালিত চুটি ছবিখনত “Mob Lynching” ৰ বিষয়টোক উপস্থাপন কৰা হৈছে; য’ত এটা মানুহৰ দলে আহি এজন লোকৰ ওপৰত প্ৰহাৰ কৰে কিয়নো এই দলটোৱে সেই লোকজনক কোনো কাৰণত নিজ ইচ্ছানুসাৰে দোষী বুলি ভাৱে। এই কথাখিনিকেই কেন্দ্ৰ কৰি চুটি ছবিখনে জনসাধাৰণলৈ এক সুন্দৰ বাৰ্তা এৰাৰ প্ৰয়াস কৰিছে। সম্প্ৰতি ভিন্ন জাতি-জনজাতিক উদ্দেশ্যি চলা কিছু অপ্ৰীতিকৰ ঘটনাই সমাজ খন ব্যতিব্যস্ত কৰি তুলিছে; গতিকে এনেক্ষেত্ৰত এনে কিছু চুটি ছবিয়ে জনসাধাৰণক সৎ দিহা দিবলৈ চেষ্টা কৰিব বুলি আশা কৰিব পৰা যায়।

১ মিনিটত "Peace of Meat"- 2


“Peace of Meat” ত অভিনয় কৰিছে অনুপম দত্ত, মানস প্ৰতিম চেতিয়া, মনুজ দত্ত, জয়ন্ত দত্ত, দিব্য ৰঞ্জন বৰুৱা আৰু বসন্ত সোণোৱালে। আন্তৰিক বৰবৰা আৰু শান্তনু তামুলীৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ কাহিনী লিখিছে ভাৱনা দেৱচৌধুৰীয়ে। গৌৰভ হালৈৰ সহঃ পৰিচালনাৰে ছবিখনৰ নেপথ্যত কাহিনীভাগ কৈছে ৰীতা ভূঞা বৰুৱাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform