মায়ানগৰীত প্ৰতিষ্ঠিত একোগৰাকী অসম সন্তানে নিজৰ কাম সমূহৰ দ্বাৰা প্ৰায়ে অসমবাসীক ও নিজ মাতৃভূমিক গৌৰন্বিত কৰা দেখিবলৈ পোৱা গৈছে। সংগীত,অভিনয়, চাউণ্ড এই আটাইবোৰ ক্ষেত্ৰতে থকা একোগৰাকীকৈ অসমীয়াৰ কামে সমাদৰ লাভ কৰিছে ঘৰুৱা দৰ্শকৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকৰো। এনেক্ষেত্ৰত মায়ানগৰীত থকা দুগৰাকী অসমীয়াই মিলি কৰা কাম এটা কিমান অধিক সুন্দৰ হ’ব পাৰে সেয়া আছলতে, নক’লেও বুজিব পৰা যায়। আকৌ এবাৰ কন্ঠশিল্পী ঋতৃষা শৰ্মাৰ কন্ঠৰে আৰু অনুৰাগ শইকীয়াৰ কম্পোজিচেনেৰে আহি আছে এটি হিন্দী গীত “Gustakhiyaan”। কিছুদিন পূৰ্বে ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত ঋতৃষাই তেওঁৰ আগন্তুক দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিষয়ে উল্লেখ কৰিছিল; সম্প্ৰতি চলি থকা প্ৰত্যেকৰে মনবোৰত অকণমান মনোৰঞ্জনৰ যোগান ধৰিবলৈ চলিত মাহৰ ২৯ তাৰিখে মুক্তি কৰা হ’ব এই গীতটি।

উক্ত গীতটি লিখিছে কৌশাল কিশোৰে লগতে গীতটিত ঋতৃষাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে ৰাঘৱ চৈতন্যই। সুগন্ধা মিশ্ৰাৰ প্ৰযোজনাৰে গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে সিদ্ধান্ত সচ্চদেৱে। গীতটিত অভিনয় কৰিছে ৰোহন মিশ্ৰা আৰু বৈষ্ণৱী আন্ধেলে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ঋতৃষা শৰ্মাৰ আন এটি হিন্দী গীত মুক্তি পোৱা পিছতেই লাভ কৰিছিল জনপ্ৰিয়তা। “Aaoge tum” শীৰ্ষক গীতটি ট্ৰেণ্ডিং হৈ পৰিছিল ইউটিউবত। গীতটিত ঋতৃষাৰ সৈতেই জড়িত হৈ আছিল অনুৰাগ শইকীয়াও। মুঠতে, দুয়ো শিল্পীৰ এনেবোৰ প্ৰচেষ্টাই গৌৰন্বিত কৰিছে দৰ্শকক।
ইয়াৰ উপৰিও, ঋতৃষাই ব্যক্তিগত ইউটিউব চেনেলৰ বাবে কৰা কভাৰ গীত সমূহৰ বাবেও দৰ্শকৰ সঁহাৰি লাভ কৰিছে। আনহাতে “প্ৰজেক্ট বৰগীত চেপটাৰ ওৱান” ৰ বহুল সফলতাৰ পিছত এইবাৰ অনুৰাগ শইকীয়া আগবাঢ়িছে ইয়াৰ দ্বিতীয়টো সংস্কৰণৰ প্ৰস্তুতিত।
Add comment