Rupaliparda.com
কনচাৰ্টৰ জৰিয়তে দেশৰ চৰকাৰক সহায় চিলেব্ৰেটীৰঃ 1

কনচাৰ্টৰ জৰিয়তে দেশৰ চৰকাৰক সহায় চিলেব্ৰেটীৰঃ

“ক’ভিড ১৯” ৰ সৈতে যুদ্ধ কৰিবলৈ বৰ্তমান প্ৰত্যেক জনসাধাৰণৰ আগবাঢ়ি অহাৰ সমান্তৰালকৈ দেশৰ চৰকাৰে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনেক্ষেত্ৰত চৰকাৰক বহুল হাৰত সহযোগিতা আগবঢ়াইছে চিলেব্ৰেটী সকলে; প্ৰথমে তেওঁলোকে অনুদান আগবঢ়াই দেশৰ চৰকাৰক সহায় কৰা উপৰিও বৰ্তমান কনচাৰ্টৰ আয়োজন কৰি ফাণ্ড উলিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা ৩ মে’ তাৰিখে সন্ধিয়া ৭.৩০ বজাত ফেচবুক যোগে এই কনচাৰ্টখনৰ আৰম্ভ কৰা হ’ব; ইয়াত প্ৰায় ৮৫ জন তাৰকাই অংশগ্ৰহণ কৰাৰ লগতে গীত, নৃত্য পৰিৱেশন কৰি দৰ্শকক মনোৰঞ্জন কৰোৱাব। #IFORINDIA” শীৰ্ষক এই কনচাৰ্টখনক লৈ মাধুৰী দীক্ষিতে এক টুইট কৰি দৰ্শকৰ পৰা সঁহাৰিৰ আহ্বান জনায়। কনচাৰ্ট খনৰ পৰা অহা ফাণ্ড সমূহ প্ৰত্যক্ষভাৱে যাব India COVID Response Fund লৈ।

কনচাৰ্টৰ জৰিয়তে দেশৰ চৰকাৰক সহায় চিলেব্ৰেটীৰঃ 2


মাধুৰী দীক্ষিত, প্ৰিয়ংকা চোপ্ৰা, কৰণ জহৰ, কেটৰিণা কাইফ, ঋত্বিক ৰোশন, অক্ষয় কুমাৰৰ সমান্তৰালকৈ এই কনচাৰ্টত জড়িত হ’ব কিছু হলীউড তাৰকাও। Will Smith, Russell Peters, Sophie Turner আদি তাৰকাৰ উপস্থিতিৰে সম্পন্ন কৰা হ’ব উক্ত কনচাৰ্টখন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform