ঋষি কাপুৰৰ মৃত্যুত শোকস্তব্ধ দেশবাসী। যোৱা ৩০ এপ্ৰিল তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুত প্ৰত্যেকেই এতিয়া তেওঁ অভিনীত ছবিসমূহ মনত পেলাইছে। আছলতে,ঋষি কাপুৰেও যিখন ছবিতেই অভিনয় কৰিছিল; সেইখন ছবিতেই তেওঁঁৰ প্ৰতিভা ওলাই পৰিছিল। প্ৰত্যেকটো চৰিত্ৰৰ সৈতে নিজক খাপ খোৱাই ৰাখিছিল ঋষি কাপুৰে। তেওঁ কৰ্কট ৰোগৰ চিকিৎসা কৰি আমেৰিকাৰ পৰা উভতি আহিও “শৰ্মা জি নমকীন” শীৰ্ষক এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছিল। ইয়াৰ সমান্তৰালকৈ ঋষি কাপুৰে দীপিকা পাডুকনৰ সৈতেও এখন ছবি গ্ৰহণ কৰিছিল; যাৰ নাম আছিল “The Intern”। ছবিখন ২০২১ চনত মুক্তি লাভ কৰা কথা আছিল। উক্ত ছবিখনত দীপিকা পাডুকনে মূখ্য ভূমিকা ৰূপায়ন কৰা পৰিৱৰ্তে ইয়াত ঋষি কাপুৰে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিলেহেঁতেন।

ঋষি কাপুৰৰ পৰিৱৰ্তে এই ছবিখনত কোন থাকিব সেয়াহে হ’ব এতিয়া লক্ষণীয়। ছবিখনক লৈ ঋষি কাপুৰো উৎসাহিত হৈ আছিল ; তেওঁ কৈছিল যে, “The Intern” হৈছে এখন প্ৰাসংগিক ছবি; যিয়ে বৰ্তমান সময়ৰ অফিচ-কাছাৰী আৰু মানৱ সম্পৰ্কক দেখুৱাব। দীপিকাৰ সৈতে কাম কৰিবলৈ মই উৎসাহিত হৈ আছো।”
Add comment