“লক-ডাউনে” আপোনাক কেনে অনুভৱ কৰোৱাই বাৰু? কোনো লোকক ই হতাশ কৰিছে নাইবা কোনোৱে নিজ পৰিয়ালৰ সৈতে অধিক সময় কটোৱাৰ বাবে সুবিধা লাভ কৰিছে। কিন্তু, এইখিনিতে যদি প্ৰশ্ন কৰা হয় যে আপোনাৰ কেনে লাগিব যেতিয়া কোনো ঘটনা ও পৰিঘটনাৰ ফলত প্ৰত্যেকটো সময়ত আপুনি আৱদ্ধ হৈ থাকিবলগীয়া হ’ব নিজৰ মাজত? নিশ্চয় ভাল নালাগিব আৰু সেইটোৱেই হয়টো স্বাভাৱিক। বৰ্তমান সময়ৰ প্ৰত্যেকটো বস্তুৰ দুটা ধৰণ আছে; এটা ধনাত্মক লগতে এটা ঋণাত্মক। ঋণাত্মক গুণটোৱে যেতিয়া প্ৰভাৱ বিস্তাৰ কৰে তেতিয়া ইয়াৰ পৰা আঁতৰি অহাটো কিছু কঠিন হৈ পৰে। সম্প্ৰতি দেখিবলৈ পোৱা চুটি ছবিসমূহৰ জনপ্ৰিয়তাই আচলতে, অসমীয়া প্ৰতিভা সমূহক উদ্গনি দিয়াত সহায়ক হৈছে। “লক-ডাউন” ৰ মাজতেই মুক্তি লাভ কৰা কেইবাখনো চুটি ছবিৰ সমান্তৰালকৈ আন এখন চুটি ছবি হৈছে “গ্ৰহণ”।

মানব জ্যোতি বৰুৱাৰ কাহিনী, সংলাপ, সম্পাদনা তথা পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখন কিছুদিন পূৰ্বে ইউটিউব যোগে মুক্তি দিয়া হৈছিল। Bioscope Production ৰ বেনাৰত চুটি ছবিখন প্ৰযোজনা কৰিছে পংখী পেগুৱে। “লক-ডাউন” থকা হ’লে এগৰাকী নাৰীৰ জীৱনত হ’ব পৰা পৰিৱৰ্তন খিনিক তিনি মিনিট দৈৰ্ঘ্যত উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে।
কমল লোচন, মধুস্মিতা গগৈ আৰু স্বাগতা ভৰদ্বাজৰ অভিনয়ৰে নিৰ্মিত “গ্ৰহণ” ৰ অপাৰেট কেমেৰা মেনৰ দায়িত্বত আছিল অৰিন্দম ডেকা, দেৱজিতা গগৈ আৰু ঋতুপৰ্ণ দত্তই । সৌৰভ মহন্তৰ শব্দ ও সংগীতেৰে ছবিখনত গ্ৰাফিক্স দিছে দীপজ্যোতি সন্দিকৈয়ে।কালাৰ কাৰেক্সন ঝুলন কৃষ্ণ মহন্তৰ।
Add comment