Rupaliparda.com
কৰণ জহৰক একতাই দিলে চিৰিয়েলৰ অফাৰঃ 1

কৰণ জহৰক একতাই দিলে চিৰিয়েলৰ অফাৰঃ

একতা কাপুৰ আৰু কৰণ জহৰ বলীউড ক্ষেত্ৰখনৰ দুই জনপ্ৰিয় নাম; দুয়োগৰাকীয়ে নিজা নিজা ক্ষেত্ৰত সুনাম কঢ়িয়াই অনাত সফল হৈছে। ইয়াৰ উপৰিও, দুয়োগৰাকী এজন আনজনৰ ভাল বন্ধুও। দুয়োৰে বন্ধুত্বৰ বিষয়ে সকলো অৱগত হোৱাৰ লগতে এওঁলোকক লৈ একেখিনি বিবাদে চলি থকা দেখিবলৈ পোৱা যায়। ষ্টাৰকিড ক সুবিধা দিয়া অথবা Surrogacy ৰ দ্বাৰা সন্তান লাভ কৰাই হওঁক; এই আটাইবোৰ বস্তু একেই দেখিবলৈ পোৱা যায় তেওঁলোকৰ মাজত। কিন্তু এওঁলোকক লৈ আন এক চৰ্চাইহে লাভ কৰিছিল বাতৰিৰ শিৰোনাম।

কৰণ জহৰক একতাই দিলে চিৰিয়েলৰ অফাৰঃ 2

এওঁলোককৰ বিবাহৰ খবৰ ভাইৰেল হোৱাৰ পিছতেই তেওঁলোকৰ ওপৰত মিডিয়াৰ নজৰ থকা দেখিবলৈ পোৱা গৈছিল। আছলতে, কৰণ জহৰে নিজেও এক সাক্ষাৎকাৰত কৈছিল যে, “একতা আৰু মই অইন কাকো বিয়া কৰোৱাবলৈ নোৱাৰিলে; দুইজনে দুয়োজনক বিয়া পাতিম।আমাৰ বিবাহৰ ফলত কোনো সুখী নহ’লেও মোৰ মা যথেষ্ট সুখী হৈ পৰিব কাৰণ একতা চিৰিয়েল বোৰৰ আগতীয়াকৈ খবৰ তেওঁ লাভ কৰিব ।”

কৰণ জহৰক একতাই দিলে চিৰিয়েলৰ অফাৰঃ 3


উল্লেখ্য যে, কৰণ জহৰ আৰু একতা কাপুৰে প্ৰায়ে ইজনে আনজনৰ ফটোত কমেন্ট কৰি প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে কৰণ জহৰে নিজৰ পকা বগা চুলিৰ সৈতে এখন ফটো পোষ্ট কৰে য’ত তেওঁ এগৰাকী পিতৃৰ চৰিত্ৰ গ্ৰহণ কৰিবলৈ সাজু হয়। উক্ত ফটোখনতেই কমেন্ট কৰি একতা কাপুৰে তেওঁক “কৌসটি জিন্দেগীৰ” মিষ্টাৰ বাজাজৰ চৰিত্ৰটোৰ বাবে অফাৰ দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform