Rupaliparda.com
অভিনেত্ৰী নহয়; এইবাৰ সাৰা আলি খানৰ ভিন্ন চিনাকীঃ 1

অভিনেত্ৰী নহয়; এইবাৰ সাৰা আলি খানৰ ভিন্ন চিনাকীঃ

বলীউডত ষ্টাৰ কিড অথবা নেপটিজিমৰ হাঁহাকাৰময় বিবাদৰ সৈতে আমি সকলো অৱগত। ইয়াৰ মাজতেই যদি কাৰোবাৰ মন্তব্যৰ খেলি-মেলি হয় তেনেহ’লে এফালৰ পৰা মিমে ব্যতিব্যস্ত কৰিব সেই চিলেব্ৰেটী গৰাকীক; কিন্তু এনেক্ষেত্ৰত ব্যতিক্ৰমী আছিল সাৰা আলি খান। তেওঁৰ প্ৰথম ছবি দুখনৰ জনপ্ৰিয়তা লগতে তেওঁ দিয়া সাক্ষাৎকাৰ সমূহত প্ৰায়ে তেওঁৰ উত্তৰসমূহে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। সম্প্ৰতি নিজ বাসগৃহৰ ভিতৰতেই ভাতৃ ও মাতৃৰ সৈতে আৱদ্ধ হৈ আছে অভিনেত্ৰী গৰাকী। গতিকে, বহু দিনৰ পৰা বিৰত হৈ থকা শ্বুটিঙক মনত পেলাই সাৰাই আপলোড কৰা এটি পোষ্টত দৰ্শকৰ যথেষ্ট কমেন্ট দেখিবলৈ পোৱা গৈছে। তেওঁৰ বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত ছবিসমূহৰ একোখনকৈ দৃশ্যপট একেলগ কৰি তেওঁ নিজ পোষ্টটোত লিখে যে,

https://www.instagram.com/p/B_2MF1Lp4kw/?igshid=wkbvpd349ppe


“বুধবাৰৰ দিনটোত এগৰাকী মহিলাকৰ্মী হিচাপে নিজকেই মনত পেলাইছো। কিন্তু, বৰ্তমান মই এগৰাকী ৰান্ধনী, চাফাই কৰা মহিলা, এক ঘণ্টালৈ টিভি চোৱা ছোৱালী, এগৰাকী কিতাপৰ পোক, আমনি কৰা এগৰাকী ভগ্নী, প্ৰয়োজনীয় জীয়ৰী, এগৰাকী দায়িত্বপূৰ্ণ নাগৰিক আৰু এগৰাকী আশা ৰখা ব্যক্তি হয়।” অভিনেত্ৰী গৰাকীৰ এই পোষ্টটো বৰ্তমান লক্ষ্য কৰা দৰ্শকৰ সংখ্যা মিনিটত বাঢ়ি যোৱা লগতে তেওঁক প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে।

অভিনেত্ৰী নহয়; এইবাৰ সাৰা আলি খানৰ ভিন্ন চিনাকীঃ 2


আগন্তুক সময়ত সাৰা আলি খানক বৰুণ ধৱনৰ সৈতে “কুলী নং ১” ৰিমেকত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform