Rupaliparda.com
অনুৰাগীৰ মোহঃ ইৰফান খানক এতিয়াও ৰাখিছে বুকুত বান্ধিঃ 1

অনুৰাগীৰ মোহঃ ইৰফান খানক এতিয়াও ৰাখিছে বুকুত বান্ধিঃ

একেটা মাহতেই বি-টাউনৰ দুগৰাকীকৈ জনপ্ৰিয় তাৰকাৰ মৃত্যুত শোকস্তব্ধ চিলেব্ৰেটী। অসমীয়াই হওঁক অথবা হিন্দী ছবি ক্ষেত্ৰতেই নহওঁক কিয়? প্ৰত্যেকেই মনত পেলাইছে এতিয়া অভিনেতা দুগৰাকীক। চিলেব্ৰেটী সমূহৰ সমান্তৰালকৈ অভিনেতা দুগৰাকীৰ অনুৰাগীয়ে এতিয়া বিভিন্ন প্ৰকাৰে যাঁচিছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি। কোনোৱে তেওঁলোক অভিনীত চিনেমা সমূহৰ একোটিকৈ অংশ ভাইৰেল কৰিছে আনহাতে কোনোৱে তেওঁলোকে পূৰ্বতে কোৱা কিছু উৎসাহপূৰ্ণ মন্তব্য শ্বেয়াৰ কৰিছে। বিশ্বত সংঘটিত এনে ত্ৰাসৰ মাজতেই অভিনেতা দুগৰাকীৰ মৃত্যুয়ে মৰ্মাহত কৰি তুলিছিল সকলোকে। উল্লেখ্য যে, বিগত দিনত তেওঁলোকৰ চিত্ৰ অংকন কৰি সাধাৰণজনে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অথবা তেওঁলোকক মনত পেলোৱা আমি সকলোৱে ইতিমধ্যে দেখিছো।

অনুৰাগীৰ মোহঃ ইৰফান খানক এতিয়াও ৰাখিছে বুকুত বান্ধিঃ 2


এইবাৰ গুৱাহাটীস্থিত দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংকণ কৰি উলিয়াইছে ইৰফান খানৰ ফটো। তেওঁৰ মৃত্যুৰ দিনাখনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ অনুৰাগীয়ে নিজ হৃদয়ৰ পৰা তেওঁক একেবাৰলৈ ওলাই দিব পৰা নাই। নৱপ্ৰজন্মৰ এই ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ চিত্ৰই হৈছে ইয়াৰ প্ৰমাণ। সুমন গোস্বামী তথা চন্দ্ৰাস্মিতা বৰ্মনৰ চিত্ৰাংকন দুইখনে এতিয়া আন একাংশ লোকৰ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। চাওঁক চিত্ৰাংকন দুখনঃ

অনুৰাগীৰ মোহঃ ইৰফান খানক এতিয়াও ৰাখিছে বুকুত বান্ধিঃ 3
ART BY SUMAN GOSWAMI
অনুৰাগীৰ মোহঃ ইৰফান খানক এতিয়াও ৰাখিছে বুকুত বান্ধিঃ 4
ART BY CHANDRASMITA BARMAN


৫৩ বয়সত দেহাৱসান ঘটে বলীউড অভিনেতা ইৰফান খানৰ। আনহাতে ৬৭ বছৰ বয়সত মৃত্যু ঘটে অভিনেতা ঋষি কাপুৰৰ। দুয়োগৰাকী অভিনেতাই কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যদিও দীৰ্ঘদিনীয়া যুদ্ধ কৰি তেওঁলোক এসময়ত সুস্থ হৈও ঘূৰি আহিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.