Rupaliparda.com
একাপ চাহৰ সৈতে বাতৰি-কাকতঃ মিনাংক ডেকাৰ যেন এয়াই "আমেজ"- 1

একাপ চাহৰ সৈতে বাতৰি-কাকতঃ মিনাংক ডেকাৰ যেন এয়াই “আমেজ”-

এখন বাতৰি কাকত পঢ়ি ৰাতিপুৱাৰ প্ৰথম চাহকাপ খোৱাৰ আমেজেই সুকীয়া। আমি ছাগে প্ৰত্যেকেই এনেবোৰ দৃশ্য ৰাতিপুৱা সময়ত দেখিবলৈ পাইছো। সুকীয়া হোৱাৰ উপৰিও এই দৃশ্য সমূহ আমাৰ সকলোৰে প্ৰিয়। এটা বাতৰিৰ বিতং খবৰ লাভ কৰিবলৈ আমাৰ আগৰ প্ৰজন্মই আটাইতকৈ বিশ্বাসী ৰূপে গ্ৰহণ কৰিছিল বাতৰি কাকত সমূহক। এতিয়াও একাংশই টি.ভিৰ কাষত বহিলেও অথবা মোবাইলত বাতৰি সমূহ সঘনাই লাভ কৰিলেও বাতৰি কাকতখনক লৈ থকা তেওঁলোকৰ বিশ্বাস সমূহ কোনো দিনেই কোনো মাধ্যমেই ভাঙিব পৰা নাই।

কিন্তু বিগত সময়ৰ পৰা ওলোৱা কিছু ভুৱা বাতৰিয়ে দৰ্শকক অবাটে নিয়া চেষ্টা কৰিছিল যদিও এয়া একেবাৰেই মুখৰোচক। বাতৰি কাকতৰ পৰা ক’ৰ’ণা ভাইৰাছ বিয়পিব বুলি এক ভুৱা বাতৰি কিছু সময় পূৰ্বে সকলোৰে মাজত বিয়পি পৰা দেখিবলৈ পোৱা গৈছিল।

একাপ চাহৰ সৈতে বাতৰি-কাকতঃ মিনাংক ডেকাৰ যেন এয়াই "আমেজ"- 2


এইবোৰ যে শুদ্ধ নহয়; ইয়াক বহু ধৰণে বহুলোকে বাখ্যা কৰিছে যদিও আকৌ এবাৰ মুকাভিনয় দ্বাৰা এই কথা বুজাবলৈ প্ৰয়াস কৰিছে মুকাভিনয় শিল্পী মিনাংক ডেকাই। তেওঁ ঘৰতেই থাকি বিভিন্ন ধৰণে নিজৰ মাধ্যমেৰে দৰ্শকক কিছু কথা বুজাবলৈ চেষ্টা কৰা আমি বহু দিনৰ পৰা দেখি আহিছো। তেওঁৰ এই পদক্ষেপে সমাদৰো লাভ কৰিছে জনসাধাৰণৰ। “আমেজ” শীৰ্ষক এটি ভিডিঅ’ ৰ দ্বাৰা তেওঁ এখন বাতৰি কাকতৰ প্ৰতি থকা জনসাধাৰণৰ মোহ আৰু বাতৰি কাকতৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.