Rupaliparda.com
ইচ্ছা-অনিচ্ছা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰেই চলা জীৱনীঃ "বিভ্ৰান্ত ইলেক্ট্ৰন" ৰ কাহিনী- 1

ইচ্ছা-অনিচ্ছা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰেই চলা জীৱনীঃ “বিভ্ৰান্ত ইলেক্ট্ৰন” ৰ কাহিনী-

আমি বিচৰা সকলোবোৰ বস্তুতেই আমাৰ অধিকাৰ থাকে জানো? লাভ কৰো জানো আমি আমাৰ বাবে বিচৰা প্ৰত্যেকটো বস্তু। সকলোৰে জীৱনত কেতিয়াবা প্ৰাপ্তি থাকে; কেতিয়াবা অপ্ৰাপ্তি। কিন্তু; এইখিনিতে ৰৈ নাযায় কোনো ব্যক্তি; দৈনন্দিন যাত্ৰাত কোনো বিৰাম নলগাই প্ৰচেষ্টা চলাই থাকে নিজৰ এই দীঘলীয়া যাত্ৰাটোক সুন্দৰ কৰিবলৈ। এই আটাইবোৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনত চলি থকা এক দৈনন্দিন প্ৰক্ৰিয়া। এইখিনি কথাকেই সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে এখন চুটি ছবি “বিভ্ৰান্ত ইলেক্ট্ৰন” ৰ জৰিয়তে। Asian Academy of Film & Television ৰ ২০০৫ বৰ্ষৰ টি ভি গ্ৰাফিক্স আৰু এনিমেছন বিভাগৰ শ্ৰেষ্ঠ ছাত্ৰ দীপজ্যোতি সন্দিকৈৰ কাহিনী, সংলাপ ও পৰিচালনা তথা প্ৰযোজনাৰে নিৰ্মিত চুটি ছবিখনে বৰ্তমান আদৰো লাভ কৰিছে বহুতৰ।


নিজৰ সপোনটোক সঁচালৈ ৰূপান্তৰ কৰিবলৈ অহৰহ প্ৰয়াস কৰি তাক এক গন্তব্যস্থানলৈ লৈ যোৱা হয়; যি গন্তব্যস্থান পাবলৈ কেতিয়াবা সাল-সলনিও কৰিবলগীয়া হয় নিজৰ দিশবোৰৰ। এনে এক বিষয়বস্তুক লৈ নিৰ্মিত এই চুটি ছবিখনৰ বাবে দ্বিতীয় গুৱাহাটী ইন্টাৰনেশ্বনেল চৰ্ট ফিল্ম ফেষ্টিভেল, ২০১২ ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ( গল্ডেন ৰাইন’) লাভ কৰে দীপজ্যোতি সন্দিকৈয়ে। ইয়াৰ উপৰিও 8th ADDA Short Film Festival, 2011 তো চুটি ছবিখনে লাভ কৰে মনোনয়ন। ২০১২ চনত Shamiana Shorts ৰ দ্বাৰা অনুষ্ঠিত Short Film Screening Session ত উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ১০ খন চুটি ছবিত অন্তৰ্ভূক্ত কৰা হৈছিল “বিভ্ৰান্ত ইলেক্ট্ৰন” ক।

ইচ্ছা-অনিচ্ছা, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰেই চলা জীৱনীঃ "বিভ্ৰান্ত ইলেক্ট্ৰন" ৰ কাহিনী- 2


ছবিখনৰ কথাখিনিক বাখ্যা কৰিছে ধীৰাজ মজুমদাৰে লগতে ইয়াত অভিনয় কৰিছে দীপজ্যোতিয়ে নিজেই। প্ৰায় ২ মাহৰ চিত্ৰগ্ৰহণৰ অন্তত ৬ মিনিট ৩৮ চেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখন প্ৰস্তুত কৰি উলিওৱা হৈছে। ছবিখনৰ অভিনেতাই কোনো সংলাপৰ প্ৰয়োগ নাই কৰা নাই যদিও ইয়াৰ উপস্থাপন শৈলী সুন্দৰ। আদিশ বৰুৱা, হিমাংশু শৰ্মা, নীল প্ৰাচুৰ্য্য বৰুৱা, অনুজ প্ৰতিম নাথ আৰু বনদীপ খাউণ্ডৰ চিত্ৰগ্ৰহণেৰে চুটি ছবিখনৰ শব্দ সংযোজন আৰু আৱহ সংগীতৰ দায়িত্বত আছে সৌৰভ মহন্ত। ছবিখনৰ গ্ৰাফিক্স দীপজ্যোতি সন্দিকৈৰ আৰু ইয়াৰ সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform