Rupaliparda.com
TD Film Studios ৰ অভিনৱ প্ৰচেষ্টাঃ আৰম্ভ কৰিছে 3D চুটি ছবি- 1

TD Film Studios ৰ অভিনৱ প্ৰচেষ্টাঃ আৰম্ভ কৰিছে 3D চুটি ছবি-

সম্প্ৰতি ইটো সিটোকৈ কেইবাটাও নতুন নতুন প্ৰতিভা আৱিৰ্ভাব হোৱা আপোনালোকে শুনিবলৈ পাইছে অথবা ইয়াক পূৰ্ণৰূপত উপভোগো কৰিছে। এইকেইটা দিনত সৃষ্টি হোৱা আচলতে একোটা নতুন বস্তুই দৰ্শকক উৎসাহ যোগাইছে অসমীয়া প্ৰতিভা সমূহ চাবলৈ। বিগত দিনৰ পৰা দেখি থকা চুটি ছবিসমূহৰ কনচেপ্টে জনসাধাৰণক আকৰ্ষণ কৰিছে লগতে তেওঁলোকে এই সমূহ নিজাববীয়াকৈ শ্বেয়াৰো কৰিছে চচিয়েল মিডিয়াত। কিন্তু, প্ৰায়ে দেখি থকা এই চুটি ছবিসমূহৰ ভিতৰত ব্যতিক্ৰম এক ইউটিউব চেনেল। TD Film Studios ৰ তৰুণাভ দত্তৰ তত্ত্বাৱধানত একাংশ উদীয়মান শিল্পী ঘৰতেই থাকি প্ৰস্তুত কৰিছে পাঁচখনকৈ 3D চুটি ছবি। সুন্দৰ বিষয়বস্তুৰ লগতে বৰ্তমান পৰিস্থতিৰ সৈতে খাপ খোৱাই তেওঁলোকে প্ৰস্তুত কৰা উক্ত চুটি ছবিকেইখনে দৰ্শকৰো সমাদৰ লাভ কৰিছে। অভিনেতা-অভিনেত্ৰীৰ সুপৰিকল্পিত অভিনয়ৰ দ্বাৰা নহয়; টেকন’লজি ব্যৱহৃত এই চুটি ছবিকেই খনকেই অসমীয়া প্ৰথম 3D চুটি ছবি বুলি ক’ব পৰা যায়।


ইয়াৰ উপৰিও, TD Film Studios ৰ ফালৰ পৰা অসমবাসীয়ে পোন প্ৰথমবাৰৰ বাবে উপভোগ কৰিবলৈ পাব টেকন’লজি পৰিপূৰ্ণ এখন পূৰ্ণদৈৰ্ঘ্যৰ চুটি ছবি; “অৱতৰণ”। প্ৰায় ৮ টা বছৰৰ প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিওৱা হৈছে এই ছবিখন। ৮০ শতাংশ VFx ব্যৱহৃত এই ছবিখন চলিত মাহৰ ২১ আগষ্ট তাৰিখে মুক্তি দিয়াৰ কথা আছিল যদিও ই বৰ্তমান সময়ছোৱাত সঠিককৈ কোৱাটো সম্ভৱপৰ নহ’ব। বহু দিনৰ শ্ৰম, প্ৰচেষ্টা আদিক লৈ নিৰ্মিত এই ছবিখনক লৈ আশাবাদীও হৈ আছিল পৰিচালক তৰুণাভ দত্ত; কিন্তু এতিয়া চিনেমা হ’ল খোলা অথবা সামাজিক কাৰ্যক্ৰম সমূহৰ পৰা আগন্তুক কিমান দিনলৈ আঁতৰি থাকিবলগীয়া হ’ব পাৰে সেয়া এক উত্তৰহীন প্ৰশ্নহে মাত্ৰ।


তৎস্বত্বেও, তৰুণাভ দত্তৰ এই সৃষ্টি সমূহৰ দ্বাৰা অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজে যে নতুনত্বৰ সন্ধান পাব সেয়া নিশ্চিত। টি.ডি ফিল্ম ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত “অৱতৰণ” ত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যাম শ্বীল, গোৱিন্দ মালাকৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া আৰু সমীৰ ৰঞ্জনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform