Rupaliparda.com
মনপৰশা কন্ঠৰে ওৱণ্ডাৰ চিষ্টাৰচৰ "ঘোৰ মৰে পৰদেসিয়া"- 1

মনপৰশা কন্ঠৰে ওৱণ্ডাৰ চিষ্টাৰচৰ “ঘোৰ মৰে পৰদেসিয়া”-

ৰূপাংকৃতা আৰু অলংকৃতা; সকলোৰে চিনাকী “ওৱণ্ডাৰ চিষ্টাৰচ“। এওঁলোকৰ কন্ঠকে আৰম্ভ কৰি তেওঁলোকৰ বিভিন্ন পোষ্টে ইতিমধ্যে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শকক। অনুৰাগীয়ে প্ৰায়ে এওঁলোকক প্ৰশংসা কৰাৰ লগতে গীতসমূহক আদৰি লোৱা দেখিবলৈ পোৱা যায়। চলিত বৰ্ষতে মুক্তিপ্ৰাপ্ত তেওঁলোকৰ থলুৱা বিহু গীত “বহাগী” য়ে অতিক্ৰম কৰিছিল তিনি মিলিয়নৰো অধিক ভিউৱাৰচ।

মনপৰশা কন্ঠৰে ওৱণ্ডাৰ চিষ্টাৰচৰ "ঘোৰ মৰে পৰদেসিয়া"- 2

“লক-ডাউন” ৰ এই দীঘলীয়া সময়ছোৱাত দুই ভগ্নীয়ে কেতিয়াবা বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰি নাইবা কেতিয়াবা আকৌ দুয়োয়ে ঘৰতেই থাকি কেনেদৰে ৰূপসজ্জা কৰিব পাৰি ইয়াৰ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি দৰ্শকক দিছে। শেহতীয়াকৈ চচিয়েল মিডিয়াত আপলোড কৰা তেওঁলোকৰ এটি পোষ্টে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে। বলীউডৰ “কলংক” ছবিখনৰ এটি জনপ্ৰিয় “ঘোৰ মৰে পৰদেসিয়া” শীৰ্ষক গীতটিত নিজাববীয়াকৈ কন্ঠদান কৰি দুই ভগ্নীয়ে বুটলিছে প্ৰশংসা।


একোগৰাকী শিল্পীক সামাজিক ব্যাধিয়ে কোনোদিনেই যে তেওঁলোকৰ প্ৰতিভাত বাধা প্ৰদান কৰিব নোৱাৰে তাৰেই এক উদাহৰণ হৈছে ওৱণ্ডাৰ চিষ্টাৰচ। এওঁলোকে প্ৰায়ে অনুৰাগীৰ ফালৰ পৰা একোটিক গীতৰ আবেদন লৈ উক্ত গীতটিক পৰিৱেশন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.