Rupaliparda.com
নেহা কক্কড়ৰ জনপ্ৰিয়তা অব্যাহতঃ পিছ পেলাইছে আন্তঃৰাষ্ট্ৰীয় শিল্পীক- 1

নেহা কক্কড়ৰ জনপ্ৰিয়তা অব্যাহতঃ পিছ পেলাইছে আন্তঃৰাষ্ট্ৰীয় শিল্পীক-

নেহা কক্কড়ৰ নিজ গীত অথবা কিছু কৰ্মৰ বাবে তেওঁক প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি অহা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ নেহাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো একাংশ শিল্পীক পিছ পেলাই আগবাঢ়িছে শীৰ্ষ স্থান দখল কৰিবলৈ। হয়, আপুনি ঠিকেই শুনিছে। ইউটিউবত অধিকবাৰ বিচাৰ কৰি উলিওৱা চিলেব্ৰেটীৰ অংশীদাৰ হৈছে নেহা কক্কড়। তেওঁ দ্বিতীয় স্থান লাভ কৰিছে ইউটিউবত অধিক চাৰ্ছ কৰা চিলেব্ৰেটীৰ তালিকাত। তেওঁৰ আগত আছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ শিল্পী CARDI B। উল্লেখ্য যে, এই তালিকাখনত নেহাৰ বাহিৰে আন কোনো ভাৰতীয় শিল্পী অন্তৰ্ভূক্ত নাই।

নেহা কক্কড়ৰ জনপ্ৰিয়তা অব্যাহতঃ পিছ পেলাইছে আন্তঃৰাষ্ট্ৰীয় শিল্পীক- 2


CARDI B ক বিচাৰ কৰা লোকৰ সংখ্যা হৈছে ৪.৮ বিলিয়ন আৰু আনহাতে নেহাক ইউটিউবত চাৰ্চ কৰা লোকৰ সংখ্যা হৈছে ৪.৫ বিলিয়ন। এই তালিকাখনত উল্লেখনীয় ভাৱে নেহাই পিছ পেলাইছে একাংশ জনপ্ৰিয় তাৰকাক। এই কথাৰ কন্ঠশিল্পী গৰাকীয়ে নিজেই জানিবলৈ দিয়ে অনুৰাগীক।

https://www.instagram.com/p/B_3zP0Jju-M/?utm_source=ig_web_copy_link


“ইণ্ডিয়ান আইডল” ৰ ষষ্ঠ সংস্কৰণৰ প্ৰতিযোগী ৰূপে অন্তৰ্ভূক্ত হৈছিল নেহা। কিন্তু বৰ্তমান সময়ত এগৰাকী বিচাৰক ৰূপে তেওঁ “ইণ্ডিয়ান আইডল” ত অংশগ্ৰহণ কৰে।

Add comment

Leave a Reply