Rupaliparda.com
"শৰ্মাজী নমকিন" ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ 1

“শৰ্মাজী নমকিন” ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ

প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ দেহাৱসান ঘটিলেও তেওঁক নিজ হৃদয়ত স্থাপিত কৰিছে অনুৰাগীয়ে। ঋষি কাপুৰৰ এনে অনুৰাগীৰ বাবেই এক সু-খবৰ। তেওঁৰ আহিবলগীয়া ছবি “শৰ্মাজী নমকিন” ৰ শ্বুটিং আধৰুৱা হৈ আছিল যদিও এতিয়া সম্পূৰ্ণ শ্বুটিং সম্পন্ন কৰিবলৈ ছবি নিৰ্মাতা গোষ্ঠীয়ে বিচাৰ কৰি উলিয়াইছে এক অভিনৱ প্ৰচেষ্টা। ছবিখনৰ বাকী থকা শ্বুটিঙৰ বাবে Vfx ৰ সহায় লোৱা হ’ব আৰু ইয়াৰ দ্বাৰাই ছবিখনৰ নিৰ্মাতা সকলে যাঁচিব অভিনেতা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি। ছবিখনৰ মূখ্য চৰিত্ৰত জুহী চাওলাকো দেখিবলৈ পোৱা যাব। এক ৰিপোৰ্টনুসৰি, এক্সেল এন্টাৰটেইনমেন্ট আৰু ছবিখনৰ সহঃ প্ৰযোজক হনী ত্ৰেহানৰ মত অনুসৰি ছবিখনৰ দ্বাৰা অভিনেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু অনুৰাগীক সন্তোষ দিবলৈ এই নিৰ্ণয় কৰা হৈছে।

"শৰ্মাজী নমকিন" ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ 2
"শৰ্মাজী নমকিন" ত পূৰ্বৰ দৰেই দেখিবলৈ পাব ঋষি কাপুৰকঃ 3


তেওঁ কয় যে,এই ছবিখনক আমি পৰিয়াল, তেওঁৰ অনুৰাগী লগতে বন্ধুৰ বাবে থিয়েটাৰলৈ আনিব খুজো। কাৰণ, আমি সকলোৱে তেওঁৰ ওচৰত ঋণী। মই ইয়াৰ জৰিয়তে প্ৰযোজক ফৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ প্ৰতিও কৃতজ্ঞতা জনাম কিয়নো এই ছবিখনত তেওঁলোকে কেৱল মাত্ৰ টকাই দিয়া নহয়; ভাৱনাত্মক হৈও চিন্তা কৰিছে।” উল্লেখ্য যে, Vfx ৰ দ্বাৰা ছবিখন সম্পূৰ্ণ কৰা ক্ষেত্ৰত বিভিন্ন ষ্টুডিঅ’ ৰ সৈতে ইতিমধ্যে ইয়াৰ কথা-বতৰা চলি আছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.