Rupaliparda.com
"I am a Disco Dancer" ত তনভী শৰ্মাৰ বিহুঃ 1

“I am a Disco Dancer” ত তনভী শৰ্মাৰ বিহুঃ

অসমীয়া অভিনেতা-অভিনেত্ৰী, কলা-কুশলী সকলে প্ৰত্যেকেই নতুন নতুন প্ৰকাৰে এইকেইটা দিনত দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছে। ন-ন প্ৰতিভাৰ দ্বাৰা আপ্লুত কৰাও দেখিবলৈ পোৱা গৈছে একাংশক; ইয়াৰে ভিতৰত উল্লেখনীয়ভাৱে দৰ্শকৰ সমাদৰ লাভ কৰিছে অভিনেত্ৰী তনভী শৰ্মাই। চচিয়েল মিডিয়াত প্ৰায় সময়ত একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ বিভিন্ন নৃত্যৰ সংস্কৰণেৰে অনুৰাগীক মনোৰঞ্জন কৰোৱা দেখিবলৈ পোৱা যায়। কেৱল নৃত্য বুলিয়ে নহয়; পূৰণা বহু স্মৃতি ৰোমন্থন কৰি নাইবা অইন কন্ঠশিল্পীৰ গীত সমূহত নিজা নৃত্যৰে টুইষ্ট আনি দৰ্শকৰ মাজত আগবঢ়োৱা তনভীৰ বৰ্তমান নিতৌ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ পৰিছে।


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত নীলোৎপল বৰাৰ গীত “ভাইৰাছৰ শিকলি” আৰু পাপনৰ গীত “পাৰ হ’ব এই সময়” ত নৃত্য কৰি তনভীয়ে গীত দুটিক আৰু অধিক উপভোগ্য কৰি তুলিছিল। কিন্তু এইবাৰ তনভীয়ে প্ৰস্তুত কৰিছে আন এক নৃত্যৰ ভিডিঅ’; “I am a Disco Dancer” শীৰ্ষক হিন্দী জনপ্ৰিয় গীতটিত বিহু নৃত্য প্ৰদৰ্শন কৰিছে অভিনেত্ৰী তনভীয়ে। হিন্দী গীতটোত অসমীয়াৰ বাপতি সাহোন “বিহু” টোৰ সোঁৱাদ মিহলাই তনভীয়ে প্ৰস্তুত কৰা এই ভিডিঅ’টিত এতিয়া দৰ্শকৰ কমেন্টো মন কৰিবলগীয়া।

"I am a Disco Dancer" ত তনভী শৰ্মাৰ বিহুঃ 2
"I am a Disco Dancer" ত তনভী শৰ্মাৰ বিহুঃ 3


তনভী শৰ্মাৰ অভিনয়ৰ লগতে নৃত্যৰ পুংখানুপুংখ উপস্থাপনে এতিয়া তেওঁৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তুলিছে। ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীয়ে নিজ সামৰ্থ্যনুযায়ী “অসম আৰোগ্য নিধিলৈ” আগবঢ়াইছিল টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.