Rupaliparda.com
ছবিৰ সমান্তৰালকৈ গীততো আঁজুৰিছে ছলমান খানে সঁহাৰিঃ 1

ছবিৰ সমান্তৰালকৈ গীততো আঁজুৰিছে ছলমান খানে সঁহাৰিঃ

শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছলমান খানৰ গীত “তেৰে বিনা” সংগীত প্ৰেমীক বহুল ৰূপত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ছলমানৰ পূৰ্বৰ গীত “প্যাৰ কৰোনা” ৰ পিছত তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটিক লৈ উৎসাহিত হৈ আছিল অনুৰাগী। গতিকে, গীতটি মুক্তি লাভ কৰা পিছতেই ই নতুন ৰেকৰ্ড সৃষ্টি কৰি তোলে আৰু সকলো প্লে-লিষ্টতেই ই সোমাই পৰে। জেকলিন আৰু ছলমান খানৰ এই গীতটিয়ে ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰে ১২ মিলিয়নৰো অধিক ভিউৱাৰচ। ইয়ে একমাত্ৰ এনে গীত আৰু ইউটিউব চেনেল; যি দুইটা একেবাৰতে গৈ লাভ কৰে ইউটিউবত শীৰ্ষ তিনি নম্বৰ স্থান। কোৱা বাহুল্য যে, গীতটিক অধিক পচন্দ কৰিছে সংগীত প্ৰেমী ৰাইজেও। চলিত বৰ্ষৰ অৰ্থাৎ ২০২০ বৰ্ষৰ এটি জনপ্ৰিয় ৰোমান্টিক গীত ৰূপে ধাৰ্য্য কৰা “তেৰে বিনা” শীৰ্ষক এই গীতটিক।


ছলমান খানে এখন ছবিৰ দ্বাৰা যেনেদৰে দৰ্শকক টানিবলৈ সক্ষম হয়; ঠিক তেনেদৰে এটি গীতৰ দ্বাৰাও দৰ্শকৰ সমাদৰ লাভ কৰে অভিনেতা ছলমান খানে। অভিনেতা গৰাকীৰ প্ৰত্যেকটো সৃষ্টিয়ে ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয় বস্ক অফিচৰ। উল্লেখ্য যে,ছলমান আৰু জেকুলিন অভিনীত এই গীতটিৰ শ্বুটিং কৰা ছলমান খানৰেই ফাৰ্ম হাউচত আৰু ইয়াৰ বৰ্তমান ভিউৱাৰচৰ সংখ্যা হৈছে ২৪ মিলিয়ন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.