Rupaliparda.com
"সুন্দৰী পমিলা" ত এইবাৰ প্ৰিয়ম পল্লৱী নহয়; ভৃগু কাশ্যপৰ সৈতে আছে "ধিং এক্সপ্ৰেছ" হিমা দাসঃ 1

“সুন্দৰী পমিলা” ত এইবাৰ প্ৰিয়ম পল্লৱী নহয়; ভৃগু কাশ্যপৰ সৈতে আছে “ধিং এক্সপ্ৰেছ” হিমা দাসঃ

অসম সন্তান কেৱল সাংস্কৃতিক ক্ষেত্ৰৰ সৈতেই নহয়; জড়িত হৈ আছে আন আন ক্ষেত্ৰৰ সৈতেও। কিন্তু আন ক্ষেত্ৰৰ সৈতে জড়িত হ’লেও প্ৰত্যেকজনেই ইটো-সিটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এনেক্ষেত্ৰতেই, কন্ঠশিল্পী ভৃগু কাশ্যপৰ এক ভিডিঅ’য়ে মুহিলে দৰ্শকক। অসম জীয়ৰী তথা দৌৰবিদ “ধিং এক্সপ্ৰেছ” হিমা দাসৰ সৈতে হোৱা লাইভ অনুষ্ঠানত হিমা দাসে কন্ঠশিল্পী গৰাকীৰ এটি গীতক মনত পেলাবলৈ কয় আৰু ভৃগুৰ সৈতে হিমাইও গীতটোত কন্ঠদান কৰে। উল্লেখ্য যে, এই লাইভ অনুষ্ঠানটো আয়োজন কৰা হৈছিল T Series Stage Works Academy Guwahati (An Academy of Films, Television & Performing Arts) ৰ তৰফৰ পৰা; যাৰ নাম আছিল “শিল্পীয়ে শিল্পীৰ বাবে”। এই অনুষ্ঠানৰ দ্বাৰা অৰ্থনৈতিক ভাৱে পিছপৰি ৰোৱা কলা-কুশলী সকলক সহায় আগবঢ়োৱা হৈছিল।

https://www.instagram.com/p/CAXBkw-p1c7/?utm_source=ig_web_copy_link


এই লাইভ অনুষ্ঠানৰে এক অংশ অনুৰাগীৰ মাজত আপলোড কৰে কন্ঠশিল্পী ভৃগু কাশ্যপে। এই অনুষ্ঠানখনৰেই ঘোষক আছিল তেওঁ। T Series Stage Works Academy Guwahati শীৰ্ষক এই প্ৰতিষ্ঠানটোৰ দ্বাৰা আয়োজিত এই প্ৰচেষ্টাৰ অন্তত তেওঁলোকে FFA, NEFVTA, GCMA কে ধৰি মুঠ ৫৮ গৰাকী আৰ্থিকভাৱে পিছপৰা বাদ্যযন্ত্ৰীক সহায় কৰে। এওঁলোকলৈ ১ লাখ, ৪১ হাজাৰ, ১ শ টকাৰ অনুদান আগবঢ়ায় উক্ত প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform