Rupaliparda.com
হঠাৎ অভিনেতা অমিত কুমাৰ বৰাই বিচাৰিলে উৎপল দাস-স্নিগ্ধাক ক্ষমাঃ 1

হঠাৎ অভিনেতা অমিত কুমাৰ বৰাই বিচাৰিলে উৎপল দাস-স্নিগ্ধাক ক্ষমাঃ

অসমীয়া অভিনেতা অমিত কুমাৰ বৰাই উৎপল দাস তথা অভিনেত্ৰী স্নিগ্ধা গগৈৰ ওচৰত বিচাৰিলে ক্ষমা। সদায় সুঁহুতীয়া কথাৰে দৰ্শকক মুগ্ধ কৰি ৰখা এইগৰাকী অভিনেতাই হঠাৎ বিচাৰিলে উক্ত দুই অভিনেতা-অভিনেত্ৰীৰ পৰা ক্ষমা। আচলতে, উৎপল দাস আৰু স্নিগ্ধা অভিনীত এখন ধাৰাবাহিক “আঁউসীৰ জোনাক” ৰ আৱহ গীতটিত নিজ কন্ঠদান কৰিলে অমিতে; গীতটোক সুঁৱলাকৈ গাব নোৱাৰা ফলত ধাৰাবাহিকখনত অভিনীত দুই অভিনেতা-অভিনেত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে। ইয়াৰ উপৰিও, ধাৰাবাহিক খনৰ একপ্ৰকাৰ প্ৰচাৰো আৰম্ভ কৰিলে অভিনেতা অমিতে। “অপৰূপা” ধাৰাবাহিকখনৰ এটি সৰু চৰিত্ৰৰ দ্বাৰা অভিনয় ক্ষেত্ৰত খোজ পেলোৱা অমিত কুমাৰ বৰা বৰ্তমান টেলিভিছন ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম।


চচিয়েল মিডিয়াতো তেওঁক বহু সময়ত বিভিন্ন বিষয়ত মাত মতা দেখিবলৈ পোৱা যায়। আগন্তুক সময়ত নানান পাচনি পৰিচালিত ধাৰাবাহিক “নমামি” ৰ মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব অমিত কুমাৰ বৰাক। তেওঁৰ সৈতে ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিব “নূপুৰ” অৰ্থাৎ জুনু নাথে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform