“লক-ডাউন” ত ছবিক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন পৰিচালক, অভিনেতা-অভিনেত্ৰীয়ে নতুন নতুন বিষয়বস্তুৰ সৈতে দৰ্শকক কিছু প্ৰকল্পৰ উপহাৰ দিয়া দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰতেই এইবাৰ অসমৰ জনপ্ৰিয় ছবি পৰিচালক ও প্ৰযোজক মানবেন্দ্ৰ অধিকাৰীয়ে নিৰ্মাণৰ প্ৰচেষ্টা চলাইছে এখন চুটি ছবিৰ। ২০১৩ চনত “অৰ্থ ফিল্মচ” নামে এটা প্ৰডাকচন হাউচৰ মুকলি কৰি মানবেন্দ্ৰ অধিকাৰীয়ে নিজ ছবি জীৱনৰ আৰম্ভণি কৰে। উক্ত প্ৰডাকচন হাউচটোৰ এটাই লক্ষ্য হৈছে যে “অৰ্থ ফিল্মচ” ৰ বেনাৰত নিৰ্মাণ কৰা হ’ব কিছু সত্য ঘটনাৰ ওপৰত আধাৰিত ছবি। আচলতে, এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত ছবি ক্ৰমে “অথেলো” আৰু “অন্তৰীণ” য়ে ইতিমধ্যে লাভ কৰিছে জনপ্ৰিয়তা। “অথেলো” ছবিখনে ৬২ সংখ্যক ৰাষ্ট্ৰীয় ছবি বঁটা সমাৰোহত লাভ কৰিবলৈ সক্ষম হৈছিল অসমীয়া শ্ৰেষ্ঠ ছবিৰ বঁটা। ১৯৬৩ ত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰযোজক মানবেন্দ্ৰ অধিকাৰীৰ পৰিচালনাৰেই নিৰ্মাণ কৰা হৈছে “লক-ডাউন” ভিত্তিক এখন চুটি ছবিৰ।

শ্বুটিঙৰ কাম সম্পূৰ্ণ হৈ পৰা এই চুটি ছবিখনত “লক-ডাউন” ৰ সময়ভাগত এখন গৃহস্থৰ কাহিনীক উপস্থাপন কৰা হৈছে। ছবিখনৰ পৰিচালনা কৰিছে মানবেন্দ্ৰ অধিকাৰীয়ে আৰু ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে জ্ঞান গৌতম। ইয়াত অভিনয় কৰিছে চন্দন কাশ্যপ আৰু ৰঞ্জিতা কাশ্যপে। ছবিখনৰ সহঃ পৰিচালনা অংকিতা দাসৰ আৰু সহকাৰী চিনেমেটো’গ্ৰাফাৰ ৰূপে চুটি ছবিখনত কাম কৰিছে পৰাশ মণি বৰাই। এই চুটি ছবিখন অতি সোনকালেই দৰ্শকৰ আগত উলিয়াই দিয়াৰ কথা ব্যক্ত কৰে পৰিচালক ও প্ৰযোজক মানৱেন্দ্ৰ অধিকাৰীয়ে।

“লক-ডাউন” ৰ কাহিনীক যে আগন্তুক কিছু দিনলৈ বহু ছবি অথবা চুটি ছবিত দেখিবলৈ পোৱা যাব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। “লক-ডাউন” ৰ বিষয়বস্তু সমূহক উপস্থাপন কৰাৰ বিষয়ে এতিয়ালৈ বহুতেই জানিবলৈ দিছে।
Add comment