Rupaliparda.com
"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 1

“১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে”- প্ৰদীপ পাল

ৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ গৈ প্ৰাধান্য লাভ কৰা একাংশ অসমীয়া শিল্পীয়ে নিজ কৰ্মৰ বাবে চিনাকী লাভ কৰিছে প্ৰত্যেকতে। কেৱল মাত্ৰ অভিনয় অথবা সংগীততেই নহয়; একাংশ শিল্পী ও কলা-কুশলী মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰযুক্তিগত বিষয়টোৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত। এনে বহু ব্যক্তিৰ বিষয়ে ইতিমধ্যে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে জানিবলৈ পাইছে। এইবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এখন ছবিৰ সম্পাদনাৰ সৈতে জড়িত অসমৰ যুৱক প্ৰদীপ পাল।

"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 2

বিগত ৯ বছৰ ধৰি এই মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত প্ৰদীপ পাল বিভিন্ন বলীউড খন ছবি ক্ৰমে “জয় গংগাজল” ৰ পৰা আৰম্ভ কৰি “তামাশা”, “পিকু”, “দিল ধড়কনে দো”, “দৃশ্যাম” কে লৈ কেইবাখনো বলীউড ছবিৰ প্ৰমো’ অথবা ট্ৰেইলাৰ আদিৰ সম্পাদনাৰ কাম কৰিছে। আনহাতে তেওঁ জ্যেষ্ঠ সম্পাদক ৰূপে কাম কৰিছে বলীউড ছবিৰ লগতে অসমীয় ছবি “দ্যা শ্লেমবুক” ও “জানমণি ২০২০” টো। ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আমি কথা পাতিম প্ৰদীপ পালৰ সৈতে। আহকচোন চাওঁঃ

প্ৰশ্নঃ এগৰাকী অসমীয়া হিচাপে যেতিয়া আপুনি ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰাধান্য লাভ কৰে; তেতিয়া কেনে লাগে?

প্ৰদীপ পালঃ এগৰাকী অসমৰ যুৱক হিচাপে যেতিয়া ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰাধান্য লাভ কৰা হয় তেতিয়া ভাল লাগে। এটা সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা যুৱক হিচাপে যেতিয়া কৰ্মৰ বাবে ৰাষ্ট্ৰীয় ক্ষেত্ৰত চিনাকী লাভ কৰো তেতিয়া হয়টো কাকো বুজাব নোৱাৰাকৈ ভাল অনুভৱ কৰো। ২০০৭ চনৰ পৰা এই ক্ষেত্ৰখনত কাম আৰম্ভ কৰি মই বৰ্তমান এজন জ্যেষ্ঠ সম্পাদক ৰূপে কাম কৰিছো প্ৰায় ৪ খন মান হিন্দী ছবিত; আহিবলগীয়া অসমীয়া ছবি দুখনমানৰ সম্পাদনাৰ কামৰ সৈতেও মই জড়িত। গতিকে,এই অনুভৱটো সঁচাকৈ বৰ ধুনীয়া আৰু শব্দৰে প্ৰকাশ কৰিব নোৱাৰা বিধৰ।

"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 3

প্ৰশ্নঃ এখন ছবিৰ এটা প্ৰমো’ ক দেখুওৱাই এগৰাকী দৰ্শকক আকৰ্ষণ কৰিবলগীয়া কামটো কিমান কষ্টকৰ হ’ব পাৰে?

প্ৰদীপ পালঃ প্ৰমো’, টিজাৰ, ট্ৰেইলাৰ এই তিনিটা বস্তু এখন ছবিৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো। মই বৰ্তমানলৈ অতি কমেও ২০ খন মান হিন্দী ছবিৰ সৈতে জড়িত আৰু মুম্বাইত থকা পূৰ্বৰ সময়খিনিত মোক এগৰাকী “প্ৰমো’ ইডিটৰ” ৰূপেই চিনি পাইছিল বহুতেই। গতিকে তাত থকা সময়খিনিত আমি ছবিখনৰ প্ৰমো’ কাটোতে তাৰ প্ৰতিটো চেকেণ্ডত গুৰুত্ব প্ৰদান কৰিছিলো কিয়নো এই ১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে। ফলত আমি কম সময়তে চিনেমাখনৰ এটা সুক্ষ্ম আভাষ দি ছবিখনৰ প্ৰতি দৰ্শকক আকৰ্ষণৰ চেষ্টা কৰিব লাগে।

"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 4

প্ৰশ্নঃ আপুনি কেতিয়াৰ পৰা এই ছবিক্ষেত্ৰ খনৰ সৈতে জড়িত আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিমান সময়ৰ পৰা কৰ্মৰত?

প্ৰদীপ পালঃ মোৰ ঘৰ যোৰহাটত যিহেটো মই ২০০৭ চনত এটি ষ্টুডিঅ’ স্থাপন কৰিছিলো তাত আৰু তেতিয়াৰ পৰাই মই চিনেমাৰ কাম কৰিবলৈ আৰম্ভ কৰিছিলো। তাৰ পিছত, মই ২০১২ ত মুম্বাইলৈ গৈ চিনেমা আৰু টিভি ধাৰাবাহিকৰ সম্পাদনাৰ ওপৰত শিক্ষা অৰ্জন কৰিলো। সেইটো সময়ৰে পৰা আচলতে এই বৃত্তিটোৰ সৈতে জড়িত হ’লো আৰু মই মোৰ এই কামটোক যথেষ্ট মৰম কৰো। মুম্বাই বুলিয়ে নহয়; মই দেশৰ বিভিন্ন ঠাইত ঘূৰি ছবি সমূহৰ সম্পাদনাৰ কাম কৰিছো।

"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 5

প্ৰশ্নঃ যদি আন এজন নৱপ্ৰজন্মই এই বৃত্তিটোক আকোঁৱালিব খোজে; তেতিয়াহ’লে আপোনাৰ কি উপদেশ থাকিব?

প্ৰদীপ পালঃ ভিডিঅ’ এটা এডিট কৰাটো আচলতে খুবেই সহজ কিন্তু নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে যদি আমাৰ এই বৃত্তিটো অৰ্থাৎ যদিহে তেওঁলোকে এগৰাকী “ফিল্ম এডিটৰ” হ’ব বিচাৰে তেনেহ’লে তেওঁলোকে এই বৃত্তিটোক যথেষ্ট সময় দিব লাগিব। ছবিখন চাবলৈ যদি এজন দৰ্শকক আঢ়ৈ-তিনিঘন্টা আমি বহুৱাব লাগে তেনেহ’লে তাতকৈ অধিকতকৈ অধিক সময় আমি সম্পাদনাত দিব লাগিব। হিন্দী বা অসমীয়া চিনেমা য’তেই নহওঁক কিয়; এগৰাকী নৱাগতক কাম দিবলৈ অকণমান অসুবিধা পায় সকলোৱে। মই নিজেই এই অভিজ্ঞতাৰ ভূক্তভোগী; মই ২০ খনতকৈও অধিক ছবিৰ প্ৰমো’ এডিট কৰিছো যদিও মোক যেতিয়া প্ৰথমখন ছবি সম্পাদনাৰ বাবে দিয়া হৈছিল তেতিয়াওঁ মোক কোৱা হৈছিল যে “তুমিটো এতিয়ালৈ প্ৰমো’ হে এডিট কৰিছা গতিকে ছবি সম্পাদনা কৰিলেও কমকৈহে টকা দিম।”

"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 6

প্ৰশ্নঃ আগন্তুক প্ৰজেক্ট কিবা আছেনে?

প্ৰদীপ পালঃ মোৰ আগন্তুক ছবি হিচাপে মুক্তি পাবলগীয়া হৈ আছে হিন্দী ছবি “এক অংক”; ছবিখনৰ পৰিচালনা প্ৰভাত কুমাৰৰ আৰু ইয়াত সন্নিৱিষ্ট গীত সমূহত কন্ঠদান কৰিছিল পাপনৰ লগতে বহু কেইজন সংগীত শিল্পীয়ে। আনহাতে, মোৰ দুখনকৈ অসমীয়া ছবি ক্ৰমে “দ্যা শ্লেম বুক” আৰু “জানমণি ২০২০” আছে। তাৰ পিছত এই “লক-ডাউন” ৰ মাজতেই মই বহুখিনি প্ৰকল্প ইতিমধ্যে কৰিলো। কিন্তু, মই ভাবো এগৰাকী অসমীয়া যুৱক হিচাপে আৰু অধিক মোৰ কৰণীয় আছে।

"১৫ চেকেণ্ডৰ পৰা ৩০ চেকেণ্ডে দৰ্শকক ছবিখনৰ প্ৰতি টানিবও পাৰে অথবা ঠেলি পঠিয়াবও পাৰে"- প্ৰদীপ পাল 7

…ধন্যবাদ প্ৰদীপ। আপোনাৰ আগন্তুক সকলো প্ৰকল্পৰ বাবে আপোনাক শুভকামনা জনাইছো।

প্ৰদীপ পালঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform