Rupaliparda.com
দৰ্শকক অপ্ৰস্তুত নকৰিবলৈ চুম্বন নকৰে ছলমান খানেঃ 1

দৰ্শকক অপ্ৰস্তুত নকৰিবলৈ চুম্বন নকৰে ছলমান খানেঃ

ছলমান খান বলীউড ক্ষেত্ৰৰ এনে এগৰাকী অভিনেতা যাৰ ছবিয়ে দৰ্শকৰ অধিক সঁহাৰি পোৱাৰ লগতে আগদিনাই তেওঁ ছবিৰ বাবে চিত্ৰগৃহ হাউচফুল হৈ পৰে। তেওঁৰ ৰোমাঞ্চ আৰু প্ৰেয়সীৰ বিভিন্ন বাতৰি প্ৰায়ে চৰ্চা লাভ কৰে চচিয়েল মিডিয়াত। কিন্তু, আপুনি এটা কথা মন কৰিছেনে যে; ছলমানে তেওঁৰ প্ৰথমখন ছবি “মেনে প্যাৰ কিয়া” ৰ পৰা আৰম্ভ কৰি সদ্যমুক্তিপ্ৰাপ্ত “ডবংগ ৩” লৈ কোনো এখন ছবিতেই যে অভিনেত্ৰীক চুম্বন নাই কৰা।

দৰ্শকক অপ্ৰস্তুত নকৰিবলৈ চুম্বন নকৰে ছলমান খানেঃ 2

ছলমান খানৰ প্ৰথমখন “মেইনে প্যাৰ কিয়া” ত যেতিয়া ছবিখনৰ অভিনেত্ৰী ভাগ্যশ্ৰীক তেওঁক চুম্বন কৰা কথা কৈছিল তেতিয়া ভাগ্যশ্ৰী ভয় খাই পৰিছিল কিয়নো অভিনেত্ৰী গৰাকীয়ে সেইটো সময়ত তেওঁৰ পৰিয়ালৰ লোকৰ বিনা অনুমতিত নিজৰ প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেনেক্ষেত্ৰত অভিনেত্ৰী গৰাকীৰ বাবে চুম্বনৰ দৃশ্যগ্ৰহণ কৰাটো সামান্য কষ্টকৰ আছিল। কিন্তু, চুম্বনক নিজেই নাকচ কৰি ছলমানে ভাগ্যশ্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ছলমানে কৈছিল যে, “কোনো নাৰীৰ অনুমতি নোহোৱাকৈ মই তেওঁক চুম্বন নকৰো।”

দৰ্শকক অপ্ৰস্তুত নকৰিবলৈ চুম্বন নকৰে ছলমান খানেঃ 3


এই বিষয়ে এক সংবাদ মাধ্যমে তেওঁক যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কৈছিল যে, “মোৰ ছবি সকলোৱে নিজৰ পৰিয়ালৰ সৈতে বহি মনোৰঞ্জন কৰে। গতিকে মই যেতিয়া এটা সময়ত মোৰ মা-দেউতাৰ সৈতে বহি ইংৰাজী চিনেমাবোৰ চাইছিলো তেতিয়া চুম্বনৰ দৃশ্য অহাত মই অপ্ৰস্তুত হৈ পৰিছিলো। হয়টো মই দৃশ্যখিনি আঁতৰাই পঠিয়াইছিলো নহ’লে মই তাৰ পৰা উঠি গৈছিলো। গতিকে মই নিবিচাৰো যে মোৰ ছবিৰ সৈতে কোনোৱে এনেকুৱা অপ্ৰস্তুত অনু্ভৱ কৰাটো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform