Rupaliparda.com
ৰণৱীৰ সিঙক গালি দিলে পত্নী দীপিকা পাডুকনেঃ 1

ৰণৱীৰ সিঙক গালি দিলে পত্নী দীপিকা পাডুকনেঃ

চচিয়েল মিডিয়াত লাইভ হোৱাত ৰণৱীৰ সিঙে খালে গালি। আয়ূসমান খুৰানাৰ সৈতে লাইভ অহাত ৰণৱীৰ সিঙক গালি পাৰিলে তেওঁৰ পত্নী ও অভিনেত্ৰী দীপিকা পাডুকনে। “লক- ডাউন” ৰ সময়ছোৱাত প্ৰায় চিলেব্ৰেটী চচিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে। এনেক্ষেত্ৰত, প্ৰায় কেইবাগৰাকীও চিলেব্ৰেটীয়ে লাইভ হৈ নিজ অনুৰাগীক আমোদ প্ৰদান কৰি অহা দেখিবলৈ পোৱা গৈছে। আয়ূসান খুৰানাই লাইভ হৈ থকা সময়ছোৱাত যেতিয়া তেওঁৰ লগত সংযোগ হৈ পৰে ৰণৱীৰ সিং; তেতিয়া তেওঁলোকৰ মাজত কিছু আমোদদায়ক কথা-বতৰাৰ আৰম্ভ হয়। দুয়ো অভিনেতাই ক্ষন্তেকতে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি পেলায়। ফলত, দীপিকাই ৰণৱীৰক সৰুকৈ কথা পাতিবলৈ কয় আৰু ৰণৱীৰে তৎক্ষণাত লাইভ এৰি আঁতৰি যায়। ৰণৱীৰে লাইভ এৰাৰ লগে লগেই আয়ূসমানে কয় যে, “নবৌয়ে তেওঁক গালি পাৰিছে।”

https://twitter.com/RanveerSinghtbt/status/1268889069892833280


আপোনালোকক জনাই থওঁ যে, আয়ূসমান খুৰানাক আগন্তুক সময়ত অমিতাভ বচ্চনৰ সৈতে ছবি “গোলাব সিতাবো” ত দেখিবলৈ পোৱা যাব আৰু ৰণৱীৰ সিঙক দেখিবলৈ পোৱা যাব “৮৩” ত। “গোলাব সিতাবো” ক এমেজন প্ৰাইম টাইমত মুক্তি দিয়া হ’ব আৰু তাৰ পৰিৱৰ্তে বৰ্তমানলৈ OTT প্লেটফৰ্মত মুক্তি দিয়াৰ কথা ভবা নাই ৰণৱীৰৰ “৮৩” ক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform