Rupaliparda.com
দীক্ষু শৰ্মা ও চয়নিকা বৈশ্যৰ ন-ৰোমান্টিক গীত "এমুঠি সপোন"- 1

দীক্ষু শৰ্মা ও চয়নিকা বৈশ্যৰ ন-ৰোমান্টিক গীত “এমুঠি সপোন”-

অহা ৮ জুনত মুক্তি পাবলৈ সাজু হৈছে দীক্ষুৰ কন্ঠৰে নতুন গীত “এমুঠি সপোন”।অসমৰ গায়ক-গায়িকাৰ তালিকাখনত থকা এটা উল্লেখনীয় নাম হৈছে দীক্ষু শৰ্মাৰ। গীতসমূহক ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিয়া এই গায়ক গৰাকীৰ প্ৰায় প্ৰত্যেকটো গীতেই চুপাৰ হিট। তেওঁৰ সংগীতকে ধৰি তেওঁৰ পিন্ধন তথা তেওঁৰ ষ্টাইলৰ অনুৰাগীও অত্যাধিক। “লক-ডাউন” ৰ সময়ছোৱাত নিজৰ পত্নীৰ সৈতে সময় কটাই নতুন কিছু টিক-টক ভিডিঅ’ প্ৰস্তুত কৰি অনুৰাগীৰ কাষ চপা দেখিবলৈ পোৱা গৈছিল দীক্ষু শৰ্মাক।

আকৌ এবাৰ এটি নতুন গীতৰ সৈতে দৰ্শক ও শ্ৰোতাৰ মাজলৈ আহিবলৈ সাজু হৈছে দীক্ষু শৰ্মা। অহা ৮ জুনত মুক্তি পাবলগীয়া উক্ত গীতটোথ “ৰেপ” ৰে টুইষ্ট আনিছে চয়নিকা বৈশ্যই (Synicah)। বিভিন্ন গীতেৰে দৰ্শকক আপ্লুত কৰা দীক্ষু শৰ্মাৰ আন এটা ৰোমান্টিক গীতৰ বাবে উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগী।

View this post on Instagram

#bihu #folk #assamese #tiktok #tiktokassam

A post shared by Dikshu Sarma (@dikshu_sarma) on


উল্লেখ্য যে, “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform