সুশান্ত সিঙৰ মৃত্যুৰ পিছত এতিয়া প্ৰত্যেকেই গুৰুত্ব দিছে নিজ মানসিক স্থিতিক। মানসিক বিষাদৰ ফলতেই বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহননৰ পথ বাছি লোৱাত এতিয়া প্ৰত্যেক গৰাকী ব্যক্তি মৰ্মাহত হৈছে। বিশেষকৈ অভিনেতা গৰাকীৰ মৃত্যুয়ে অধিক প্ৰভাৱ পেলাইছে এতিয়া অভিনয় ক্ষেত্ৰখনত। ৩৪ বছৰ বয়সতে আত্মহননৰ পথ বাছি লোৱাত প্ৰত্যেকেই অভিনেতা গৰাকীৰ কিছু মানসিক অশান্তি থকা বুলিয়ে মন্তব্য কৰে। ইয়াৰ বাবে হয়টো এতিয়া অসমীয়া অভিনয় ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা,বৰষা ৰাণী ও দীপলিনাই একোটা পোষ্ট কৰি নিজ জীৱনটোক সুন্দৰকৈ ধৰি ৰখাৰ বাবে প্ৰত্যেককে আহ্বান জনাইছে। অভিনেতাগৰাকীৰ অঁকাল মৃত্যুয়ে কন্দোৱাবলৈ বাধ্য কৰিছে সকলোকে গতিকে নিজৰ এই জীৱনটোক ধ্বংস নকৰিবলৈ কৈছে এতিয়া অভিনেত্ৰী কেইগৰাকীয়ে।

আইমীয়ে এটি পোষ্টৰ জৰিয়তে কয় যে, “প্ৰতিটো দীঘল ৰাতিৰ পাছতেই এটা ধুনীয়া ৰাতিপুৱা থাকে” জীৱন মানেই যুদ্ধ। যুদ্ধ আমি কৰিবই লাগিব।মানসিক চিন্তাই হাজাৰ অস্থিৰ কৰিলেও জীৱন,
মানসিক চিন্তাৰ অজুহাতত জীৱন বিসৰ্জন দিয়াটো কেতিয়াও আদৰ্শ নহয়।আমি যুঁজাৰু হ’ব লাগিব, সৎ পথৰে, সৎ চিন্তাৰে এদিন জীৱন সুন্দৰকৈ গঢ়িব পাৰি।আহকচোন মনটো সু-নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধভাৱে পৰিচালিত কৰি আমি আগবাঢ়োঁ। জীৱন বৰ অনুপম….পৃথিৱীখন বহুত ধুনীয়া..”। আনহাতে বৰষাইও এটি পোষ্টৰ জৰিয়তে কয় যে, “সকলো অশান্তিক এৰি দিয়া। সংগীত শুনি নিজক অকণমান ব্যস্ত ৰাখা আৰু বৈ যোৱা সময়ৰ সোঁতত।” আনহাতে, দীপলিনাইও নিজ অনুৰাগী সকলক তেওঁলোকক অশান্তি কৰা কিছু বস্তুৰ পৰা বিৰত থকাৰ উপদেশ দিয়ে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে এতিয়া শোঁকৰ বন্যা বোঁৱাইছে চাৰিওঁদিশে। সকলোৱে অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও তেওঁ কৰি থৈ যোৱা কিছু চিনেমাৰ বিভিন্ন সৰু সৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে এতিয়া চচিয়েল মিডিয়াত।
Add comment