Rupaliparda.com
ধোনীৰ সকলো কথা জানিবলৈ চেষ্টা কৰিছিল সুশান্ত সিং ৰাজপুতেঃ 1

ধোনীৰ সকলো কথা জানিবলৈ চেষ্টা কৰিছিল সুশান্ত সিং ৰাজপুতেঃ

ভাৰতক দুবাৰকৈ ৱ’ৰ্ল্ড চেম্পিয়ন বনাবলৈ সক্ষম হোৱা ভাৰতৰ ক্ৰিকেট কাপ্তান মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি “এম.এচ ধোনীঃ দ’ আনটল্ড ষ্টৰী” ত অভিনীত সুশান্ত সিং ৰাজপুতৰ সেইটো সময়ত তেওঁৰ অভিনয়ৰ যথেষ্ট প্ৰশংসা কৰা হৈছিল। ধোনীৰ এই ছবিখনত ধোনীৰ দৰেই হ’বলৈ যথেষ্ট পৰিশ্ৰম কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে। ধোনীৰ দৰে হ’বলৈ সুশান্তে ক্ৰিকেটাৰ গৰাকীৰ শৈশৱৰ কোচ্ছ “কেশৱ বেনাৰ্জী” ৰ ওচৰলৈ গৈছিল আৰু ভাৰতীয় এই কাপ্তান গৰাকীৰ উল্লেখনীয় হেলিকপ্তাৰ শ্বট লগাবলৈ শিকিছিল। উক্ত ছবিখনত এনে বহু বস্তু আছিল যাক অভিনেতাগৰাকীয়ে ধোনীৰ দৰেই কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ ভিতৰত এটা আছিল এই “হেলিকপ্তাৰ শ্বট” টোও। এই ছবিখনত কোচ্চ বেনাৰ্জীৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল অভিনেতা ৰাজেশ শৰ্মাই। মহেন্দ্ৰ সিং ধোনীৰ শৈশৱৰ কোচ্চ বেনাৰ্জীয়ে বৰ্তমান অভিনেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে, “তেওঁ বৰ ভাল মানুহ আছিলে। ভাল ব্যৱহাৰ কৰিছিলে। তেওঁ ধোনীৰ দৰে হেলিকপ্তাৰ শ্ব’ট লগাবলৈ মোৰ সৈতে সংযোগ কৰিছিল।”

ধোনীৰ সকলো কথা জানিবলৈ চেষ্টা কৰিছিল সুশান্ত সিং ৰাজপুতেঃ 2
ধোনীৰ সকলো কথা জানিবলৈ চেষ্টা কৰিছিল সুশান্ত সিং ৰাজপুতেঃ 3
Mahendra Singh Dhoni, Sushant Singh Rajput at MS Dhoni press meet in Delhi on 27th Sept 2016 shown to user


ইয়াৰ উপৰিও তেওঁ কয় যে, ” আজি খবৰটো পাই মই একেবাৰেই বিশ্বাস কৰিব পৰা নাই। তেওঁ ৰাঁছীলৈ আহিছিল; তেওঁ নিজৰ কৰ্মক লৈ সজাগ আছিল। তেওঁ মোক ধোনীৰ বিষয়ে সুধি কৈছিল যে ধোনীয়ে কেনেদৰে খেলে, খেলি থকা সময়ত তেওঁৰ মুখমণ্ডলত কি ভাৱ থাকে এই আটাইবোৰ সুশান্তে মোৰ পৰা জানিব বিচাৰিছিল। এতিয়া মাত্ৰ মোৰ সৈতে তেওঁৰ স্মৃতি আছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.