Rupaliparda.com
অমিতাভৰ শ্বুটিং ছেটৰ পৰা বাহিৰ উলিয়াই দিয়া হৈছিল অভিষেক বচ্চনকঃ 1

অমিতাভৰ শ্বুটিং ছেটৰ পৰা বাহিৰ উলিয়াই দিয়া হৈছিল অভিষেক বচ্চনকঃ

বলীউডৰ যদি উল্লেখনীয় পিতা-পুত্ৰ নাম কওঁ তেনেহ’লে প্ৰথমতেই ল’ব লাগিব অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ নাম। কিন্তু সফল পিতৃৰ শ্বুটিং ছেটৰ পৰা এবাৰ বাহিৰ উলিয়াই দিয়া হৈছিল অভিনেতা অভিষেক বচ্চনক। অভিষেকে চলিত মাহতেই নিজ অভিনয় কেৰিয়াৰৰ মুঠ ২০ টা বৰ্ষ সম্পূৰ্ণ কৰিব; তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট যোগে দৰ্শকক একোটা হাস্যৰসিক ব্যক্তিগত কথা কয় দৰ্শকক আপ্লুত কৰা দেখিবলৈ পোৱা যায়। এইবাৰ তেওঁ ক’লে অমিতাভৰ শ্বুটিং ছেটৰ পৰা তেওঁক উলিয়াই দিয়াৰ কথা। অভিষেকে এটি পোষ্ট যোগে কয় যে, ” দুইজন এনে বন্ধু যিয়ে তেতিয়াৰ পৰা চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিল যেতিয়া তেওঁলোকক শ্বুটিং ছেটৰ পৰা বাহিৰৰ উলিয়াই দিয়া হৈছিল। এই ছবিখন আছিল “পুকাৰ” আৰু ইয়াৰ পৰিচালনা কৰিছিল গোল্ডী বহলৰ পিতৃ ৰমেশ বহলে। ছবিখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছিল মোৰ পিতৃ অমিতাভ বচ্চনে।”


ইয়াৰ লগতে অভিষেকে কয় যে, “আমি শ্বুটিং ছেটত দুখন নকলী অস্ত্ৰ দেখিছিলো আৰু গোল্ডী ও মই মিলি সেই অস্ত্ৰৰে খেলিবলৈ আৰম্ভ কৰো। কিন্তু পিছলৈ দুইখন অস্ত্ৰই ভাঙি পৰাত আমাক শ্বুটিং ছেটৰ পৰা হোটেললৈ পঠিয়ায় দিয়া হ’ল।” বৰ্তমানেও গোল্ডী বহলৰ সৈতে অভিষেকৰ ভাল সম্পৰ্ক দেখিবলৈ পোৱা যায়। গোল্ডীয়ে নিজৰ প্ৰথমখন “বচ ইতনা চা খুৱাব” ছবিখনত অভিষেকে ৰূপায়ন কৰিছিল মূখ্য চৰিত্ৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.