Rupaliparda.com
"কাই পো ছে" ৰ পূৰ্বে সুশান্ত সিং ৰাজপুতে লাভ কৰিছিল "হেট ষ্টৰী" ৰ অফাৰঃ নকৰাৰ কাৰণ আছিল "বালাজী"- 1

“কাই পো ছে” ৰ পূৰ্বে সুশান্ত সিং ৰাজপুতে লাভ কৰিছিল “হেট ষ্টৰী” ৰ অফাৰঃ নকৰাৰ কাৰণ আছিল “বালাজী”-

সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ পিছত বলীউড ক্ষেত্ৰখনত থকা তেওঁৰ আত্মীয় আৰু বন্ধু-বৰ্গই এতিয়াও মৰ্মাহত হৈ আছে। এনে ক্ষেত্ৰত এতিয়া তেওঁলৈ পুনৰ এবাৰ মনত পেলাইছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। তেওঁ নিজ টুইটাৰ একাউন্টৰ পৰা এক টুইট যোগে অভিনেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ টুইটটোক লৈ যেতিয়া এজন ব্যক্তিয়ে প্ৰশ্নৰ উত্থাপন কৰে তেতিয়া আকৌ সুশান্তৰ জীৱনৰ আন এক সত্য ওলাই পৰে। ব্যক্তিজনে কয় যে, “তেওঁ যেতিয়া জীয়াই আছিল সেইটো মূহুৰ্তত আপুনি তেওঁক চিনেমাৰ অফাৰ দিব পাৰিলেহেঁতেন।” এই প্ৰশ্নৰ উত্তৰত পৰিচালক গৰাকীয়ে জনায় যে, “মই তেওঁক “হেট-ষ্টৰী” ৰ প্ৰথমখন ছবিৰ অফাৰ দিছিলো, কিন্তু বালাজীয়ে সেইটো হ’বলৈ নিদিলে।” আপোনালোকক জনাই থওঁ যে, সুশান্ত সিং ৰাজপুতক টেলিভিছনত পোন প্ৰথমবাৰৰ বাবে আনিছিল “বালাজী টেলিফ্লিমচ” য়ে। ইয়াৰ পৰাই অভিনেতা গৰাকীয়ে প্ৰতিখন ঘৰত নিজৰ চিনাকী বনাবলৈ সক্ষম হৈছিল।

"কাই পো ছে" ৰ পূৰ্বে সুশান্ত সিং ৰাজপুতে লাভ কৰিছিল "হেট ষ্টৰী" ৰ অফাৰঃ নকৰাৰ কাৰণ আছিল "বালাজী"- 2
"কাই পো ছে" ৰ পূৰ্বে সুশান্ত সিং ৰাজপুতে লাভ কৰিছিল "হেট ষ্টৰী" ৰ অফাৰঃ নকৰাৰ কাৰণ আছিল "বালাজী"- 3


কিন্তু, ২০১২ চনত “হেট ষ্টৰী” ৰ দ্বাৰা সুশান্তে বলীউডত প্ৰৱেশ কৰিব নোৱাৰাৰ পৰিৱৰ্তে তেওঁ বলীউডত প্ৰৱেশ কৰিছিলে আন খন ছবি “কাই পো ছে” ৰ পৰা। উল্লেখ্য যে, সুশান্তৰ মৃত্যুৰ পিছত বিহাৰৰ উকীলে একতা কাপুৰ, ছলমান খান, কৰণ জোহৰ আৰু সঞ্জয় লীলা ভঞ্চালিকে লৈ কেইবাজনো ব্যক্তিৰ ওপৰত কেছ কৰি দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform