Rupaliparda.com
সুশান্তৰ পিতৃৰ ওচৰলৈ গৈছিল মাত্ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে অংকিতা আৰু কৃতিঃ 1

সুশান্তৰ পিতৃৰ ওচৰলৈ গৈছিল মাত্ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে অংকিতা আৰু কৃতিঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ১২ দিনত অন্তত নিজ মুখ খুলিলে অভিনেতা গৰাকীৰ পিতৃয়ে। অভিনেতা গৰাকীৰ মৃত্যুয়ে আচলতে সকলোকে মৰ্মাহত কৰি ৰখাৰ লগতে তেওঁ যে এনে এক কাম কৰিব পাৰে তাক লৈও আচম্বিত হৈ পৰিছে অভিনেতা গৰাকীৰ বহু অনুৰাগী। সুশান্তৰ এয়া আত্মহত্যা নহয় বুলিও বিভিন্ন জনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ওপৰত চি.বি.আইৰ তদন্তৰ আহ্বান জনাইছে। সুশান্ত সিং ৰাজপুতৰ শেষকৃত্যৰ দিনা তাত উপস্থিত হৈছিল অভিনেতা গৰাকী প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী, শ্ৰদ্ধা কাপুৰ, বৰুণ শৰ্মা, বিবেক অব্ৰয়, কৃতি সেননকে ধৰি অংকিতা লোখাণ্ডে। এনেক্ষেত্ৰতে, বিগত ১২ টা দিন পিছত সুশান্তৰ পিতৃয়ে খুলি কথা কোৱা দেখিবলৈ পোৱা গ’ল। তেওঁ কয় সুশান্তৰ শেষকৃত্যত বহু কেইজন তাৰকা আহিছিল যদিও কোনেও তেওঁক মাত লগোৱা নাছিল। তিনি দিন তেওঁ মুম্বাইত আছিল আৰু সেই তিনিদিনত একমাত্ৰ অংকিতা লোখাণ্ডেহে আহি তেওঁৰ খবৰ লৈ গৈছিল।

সুশান্তৰ পিতৃৰ ওচৰলৈ গৈছিল মাত্ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে অংকিতা আৰু কৃতিঃ 2
সুশান্তৰ পিতৃৰ ওচৰলৈ গৈছিল মাত্ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে অংকিতা আৰু কৃতিঃ 3


ইয়াৰ উপৰিও তেওঁ কয় যে, “বহুলোক শেষকৃত্যত আহিছিল যদিও মোৰ কাষলৈ কেৱল কৃতি সেনন আহিছিল। তেওঁ মোৰ কাষত আহি বহিছিল; মই মুখেৰে মাত দিয়া নাছিলো একমাত্ৰ তেওঁ যি কয় তাকেই শুনি গৈছিলো। আহিছিলটো বহুবোৰ কিন্তু ক’ভিড ১৯ ৰ বাবে কোনো কাষ চপা নাছিল। মই সকলোকে চিনিও পোৱা নাছিলো কাৰণ সকলোৱে মুখত মাস্ক পিন্ধি আছিল; কৃতি সেনন অহাত মোক এজনে তেওঁৰ কথা কয় দিছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.