Rupaliparda.com
পূৰণি একাংশ ছবিৰ জনপ্ৰিয়তাঃ ১৯৫৯ চনৰ "চাকনৈয়া"- 1

পূৰণি একাংশ ছবিৰ জনপ্ৰিয়তাঃ ১৯৫৯ চনৰ “চাকনৈয়া”-

পূৰণি একাংশ ছবিয়ে দৰ্শকৰ হৃদয়ত বৰ্তমানলৈ একোটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰি আহিছে। কাহিনীৰ উপস্থাপনকে ধৰি ছবিখনত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে পূৰণি এই ছবি সমূহৰ গ্ৰহণযোগ্যতাটো আৰু অধিক বৃদ্ধি কৰি তোলে।১৯৫৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “চাকনৈয়া”। দুই ভাতৃৰ ভাতৃত্ববোধ তথা দায়িত্ববোধৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছিল শৈল বৰুৱাই। দূৰ্গেশ্বৰ বৰুৱাৰ চিত্ৰনাট্য, কাহিনী, সংলাপেৰে ৰচিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছিল অতুল বৰুৱা আৰু দেৱেন মেধিয়ে।

পূৰণি একাংশ ছবিৰ জনপ্ৰিয়তাঃ ১৯৫৯ চনৰ "চাকনৈয়া"- 2


দুই ভাতৃ ক্ৰমে জুবিন আৰু গোবিনে ঘটনাৰ পাকচক্ৰত সোমাই দূৰ হ’বলগীয়া হয়। গোবিনে নিজৰ ঘৈণীয়েকৰ কথা মতে ভায়েকৰ পৰা দূৰ হৈ যায়। কিন্তু, পিছলৈ ভাতৃ স্নেহৰ পৰা বিৰত থাকিব নোৱাৰি দুয়ো দুয়োৰে কাষ চাপে। এয়াইহ হৈছে ছবিখনৰ কাহিনীভাগ। ছবিখনত অভিনয় কৰিছে জ্ঞানদা কাকতি,বীণা বৰুৱা, তুলসী দাস, সৰ্বেশ্বৰ চক্ৰৰ্ৱতী, বেলা দালাল, অনুশ্ৰী বৰদলৈ, সুবোধ গগৈ, দূৰ্গেশ্বৰ বৰঠাকুৰ আৰু অনিল দাসে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.