Rupaliparda.com
ব্ৰেকআপে হৰুৱাবলৈ বিচাৰিছিল কেটৰিণা কাইফকঃ 1

ব্ৰেকআপে হৰুৱাবলৈ বিচাৰিছিল কেটৰিণা কাইফকঃ

কেটৰিণা কাইফৰ অভিনয়ৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে সকলো দৰ্শক জ্ঞাত। তেওঁ ছলমান খানৰ সৈতে থকা সম্পৰ্কৰ পৰা আৰম্ভ কৰি ৰণৱীৰ কাপুৰৰ সৈতে তেওঁৰ হোৱা ব্ৰেকআপলৈ; এই আটাইবোৰেই আচলতে বিভিন্ন সময়ত সংবাদ মাধ্যমে প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ আঁৰৰ কাৰণবোৰ কিন্তু কোনেও নাজানে; এক ব্যক্তিগত সংবাদ মাধ্যম যোগে লোৱা সাক্ষাৎকাৰত কেটৰিণাই প্ৰেম সম্পৰ্কৰ বিচ্ছেদ হোৱা সময়ৰ বিষয়ে জনায়। অভিনেত্ৰী গৰাকীয়ে কয় যে, “এতিয়া মই ক’ম যে মোৰ জীৱনৰ ৮০ শতাংশ কাম আৰু ২০ শতাংশ ব্যক্তিগত জীৱনৰ সৈতে জড়িত। বাস্তৱত এইবোৰ (ব্ৰেকআপ) কিয় হ’ল ইয়াৰ কাৰণ জানিব পৰা নাযায়। কিন্তু ইয়াক লৈ মই অকণমান বেলেগদৰে ভাবো।”

ব্ৰেকআপে হৰুৱাবলৈ বিচাৰিছিল কেটৰিণা কাইফকঃ 2


তেওঁ কয় যে, “ঠিক আছে এয়া ই (ব্ৰেকআপ) কাম নোহোৱা বিধৰ বস্তু, ই বহুত ভয়ানক লগতে এই পৃথিৱীখন বৰ বেয়া, মোৰ জীৱন ধ্বংস হৈ গৈছিল। যেতিয়া বাস্তৱত ইয়াক লৈ ২ মিনিট স্থিৰ হৈ ভবা যায় তেতিয়া এই আটাইবোৰ অসম্ভৱ নিচিনা লাগে; কিন্তু বাস্তৱত যদি ভগৱান আৰু বিশ্ব ব্ৰহ্মাণ্ডক লৈ ভবা যায় অথবা ধনাত্মক কথাবোৰ নিজৰ লগত ৰখা হয় তেতিয়া বহুত ভাল লাগে। বৰ্তমান বহু নৱপ্ৰজন্মৰ ছোৱালীয়ে হয়টো মোক শুনি আছে। মই বিচাৰো মোৰ কথাখিনিৰে তেওঁলোকৰ কিছু সহায় হওঁক।”

ব্ৰেকআপে হৰুৱাবলৈ বিচাৰিছিল কেটৰিণা কাইফকঃ 3


ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয় কয় যে, “আমি প্ৰায় একোজন ব্যক্তিক দেখি মনতে ভাৱো যে তেওঁটো সংঘৰ্ষ কৰা নাই। কিন্তু জানেনে এই পৃথিৱীত সকলোৱে সংঘৰ্ষ কৰি আছে। মাত্ৰ এটাই মহত্বপূৰ্ণ কথা যে আমি শিকাৰ দৰকাৰ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform