Rupaliparda.com
অভিনেতা নহয়; চিত্ৰকাৰ ৰূপত যতীন বৰাঃ 1

অভিনেতা নহয়; চিত্ৰকাৰ ৰূপত যতীন বৰাঃ

অভিনেতা নহয়; এগৰাকী চিত্ৰকাৰৰ ৰূপত এইবাৰ অভিনেতা যতীন বৰা। যোৱা ৩০ বছৰৰ পিছত পেঞ্চিল হাতত লোৱা বুলি এক কেপছন দি এখন স্থিৰচিত্ৰ নিজ চচিয়েল মিডিয়া একাউন্টত আপলোড কৰে অভিনেতাগৰাকীয়ে। অভিনেতা গৰাকী অভিনয় অথবা চিত্ৰকাৰ বুলিয়ে নহয় তেওঁ এগৰাকী ভাল তবলা বাদকো; তেওঁ তবলা শিক্ষা লাভ কৰি “বিষাৰদ” ও লাভ কৰিবলৈ সক্ষম হৈছিল। সত্ৰীয়া নৃত্যটো পাৰ্গত এই গৰাকী অভিনেতাই “কোলাহল” ছবিখনত সৰু এটা চৰিত্ৰ ৰূপায়েনেৰে এই অভিনয় ক্ষেত্ৰখনত প্ৰৱেশ কৰা যতীন বৰাই পোনপ্ৰথমবাৰৰ বাবে মূখ্য চৰিত্ৰ ৰূপায়ন কৰে “উত্তৰকাল” ছবিখনৰ দ্বাৰাহে। মুনীন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত প্ৰায় ছবিত অভিনীত যতীন বৰাই বাণিজ্যিক ভাৱেও লাভ কৰিছিল সফলতা।


হেঙুল, আৱাহন লগতে কহিনুৰ আদি থিয়েটাৰত অভিনীত যতীন বৰাৰ পৰিচালনা ও অভিনয়ৰে নিৰ্মিত বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত “ৰত্নাকৰ”-এ বহু বছৰৰ অন্তত এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ছবিখনে অসমীয়া লোকক পুনৰ এবাৰ ছবি উপভোগ কৰাৰ ক্ষেত্ৰত উৎসাহ ও উদ্গনি জগাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform