আপোনালোকৰ বাৰু অসমীয়া ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত “অথেলো” ছবিখনৰ কথা মনত আছেনে?? বিপ্লৱী সত্তাৰ কাহিনীৰ লগতে ছবিখনত আন্দোলনকাৰীৰ বিভিন্ন ঘটনা-পৰিঘটনাক এই ছবিখনত সন্নিৱিষ্ট কৰা হৈছিল। সেই ছবিখনৰে এটি গুৰুত্বপূৰ্ণ চৰিত্ৰৰ নাম আছিল “গণেশ”। চৰিত্ৰটো ৰূপায়ন কৰা সেই সৰু ল’ৰাটো বৰ্তমান ক’ত আৰু কি কৰি আছে জানেনে? সৰু ল’ৰাটোৱে ৰূপায়ন কৰা চৰিত্ৰটোক আচলতে বাৰুকৈয়ে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছিল অসমীয়া জনসাধাৰণ। সেই সৰু অভিনেতা গৰাকীৰ নাম হৈছে জুবিন দাস; তেওঁ বৰ্তমানো এই অভিনয় ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। অভিনয়ৰ প্ৰথমভাগত নাটকৰ সৈতে জড়িত এইগৰাকী অভিনেতাই অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল মানিক চন্দ্ৰ ৰয়ৰ সৌজন্যত হোৱা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ পৰা। ২০০৭ চনৰ পৰা আৰম্ভ হোৱা জুবিন দাসৰ এই অবিৰত যাত্ৰাটোৱে উক্ত বৰ্ষটোতেই লাভ কৰিছিল কেইবাখনো নাটকত অভিনয় কৰাৰ সুবিধা। “বেলি ওলোৱা সাধু” শীৰ্ষক প্ৰথমখন নাটত অভিনয় কৰি তেওঁ উক্ত বৰ্ষটোতে NSD ৰ ফালৰ পৰা হোৱা কৰ্মশালাতো যোগদান কৰিছিল।

অভিনেতা গৰাকীক অভিনয়ৰ আৰম্ভণি বিষয়ে সোধাত তেওঁ কৈছিল যে, “NSD” ৰ ফালৰ পৰা হোৱা ২০০৯ ৰ কৰ্মশালাত যোগদান কৰাৰ পিছত আমাক দিল্লীলৈ লৈ যোৱা হৈছিল; তাত “NSD” ৰ সৌজন্যত প্ৰত্যেক বছৰে আচলতে “Jashn E Bachpan” বুলি “শিশু থিয়েটাৰ সমাৰোহ” ৰ আয়োজন কৰা হয় আৰু তাত মই যোগদান কৰি নাটক কৰিলো। মোৰ অভিনয় যাত্ৰা বুলি ক’বলৈ গ’লে মই নাটকৰ সৈতেই বেছিভাগ জড়িত বুলি ক’ব লাগিব। মই প্ৰথম কেমেৰাৰ সমুখলৈ আহিছিলো ২০০৯-১০ চনৰ এখন টেলিফ্লিমৰ যোগেৰে; ইয়াৰ পৰিচালনা কৰিছিল আব্দুল মজিদ ছাৰৰ জ্যেষ্ঠ পুত্ৰ কাজু আহমেদ ছাৰে। টেলিফ্লিম খনৰ নাম আছিল “আইনাত অচিন মুখ”; ইয়াত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল চন্দনা শৰ্মা বায়ে। তাৰ পিছত, মই অসম জাতীয় বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ছোৱাত অসীম কৃষ্ণ বৰুৱা নামে এজন ছাৰে নাটকৰ শিক্ষা আৰম্ভ কৰিলে; ছাৰৰ লগত “আজি মোৰ জন্মদিন” শীৰ্ষক নাটক খনে ৰাজ্যিক প্ৰতিযোগিতাত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।”

পাকিজা বেগমৰ সৈতেও বিভিন্ন প্ৰকল্পত জড়িত জুবিন দাসৰ প্ৰথমখন ছবি আছিল হেমন্ত কুমাৰ দাস পৰিচালিত “অথেলো”। এই ছবিখনৰ পিছতেই বড়ো ছবি “সংগ্ৰাম” তো দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক। সম্প্ৰতি তেওঁ অভিনীত আন দুখন ছবিৰ পোষ্ট প্ৰডাকচনৰ কাম চলি থকা হৈছে; ছবি দুখনৰ নাম হৈছে ক্ৰমে “চিজৌ” আৰু “দ্যা শ্লেমবুক”। ইয়াৰ বাহিৰেও অভিনেতা গৰাকী দূৰদৰ্শন অথবা ৰং প্ৰচাৰিত ধাৰাবাহিতো ঙ অসমীয়া দৰ্শকে দেখিবলৈ পাইছিল। অভিনেতা গৰাকীক আগন্তুক সময়ত অভিনয়টোক কেনেদৰে আগবঢ়াই লৈ যাব বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে,

“বৰ্তমান মই এজন প্ৰকৃত “অভিনেতা” বুলি নিজক স্বীকৃতি দিবলৈ পৰা নাই। আগন্তুক সময়ত ভাল কাম কৰি দৰ্শকৰ পৰা সেই স্বীকৃতিটো লাভ কৰিবলৈ মন আছে। অভিনয়টো মোৰ বাবে সৰুতে কেৱল মাত্ৰ “হেঁপাহ” আছিল কিন্তু ই এতিয়া মোৰ “হেঁপাহ” অথবা “বৃত্তি” দুয়োটাই জড়িত হৈ পৰিছে। যেতিয়ালৈ জীয়াই থাকিম; অভিনয়ত মনোনিৱেশ কৰাৰ মোৰ মন।”
Add comment