Rupaliparda.com
জানেনে? ৰণৱীৰ সিঙৰ সফলতাৰ আঁৰৰ ব্যক্তি আছিল ৰণৱীৰ কাপুৰ! 1

জানেনে? ৰণৱীৰ সিঙৰ সফলতাৰ আঁৰৰ ব্যক্তি আছিল ৰণৱীৰ কাপুৰ!

ৰণৱীৰ কাপুৰে জীৱনত যিমান ছবিত অভিনয় কৰিছে তাতকৈ অধিক ছবি তেওঁ নাকচ কৰিছে। তেওঁ যি সমূহ ছবি নাকচ কৰি পেলাইছিল তাৰেই অধিকাংশ ছবিয়ে বক্স অফিচত সফল হৈ পৰিছিল; ইয়াৰ সমষ্ট সফলতা চুমিছিল ৰণৱীৰ সিঙে। ৰণৱীৰ কাপুৰ এসময়ত য়শৰাজ ফিল্মচৰ চাহিদা থকা অভিনেতা হৈ পৰিছিল; “বচ না এ হসীনো” ছবিখনো সেইকেইটাদিনত সফল হৈ পৰিছিল। ইয়াৰ পিছতে, নতুন পৰিচালক মহেশে “বেণ্ড বাজা বাৰাত” শীৰ্ষক এখন ছবিৰ পৰিকল্পনা কৰিছিল আৰু কণ্ট্ৰেক্ট অনুসৰি ছবিখনত অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়নৰ দায়িত্বত আছিল অনুষ্কা শৰ্মাৰ; ৰণৱীৰ কাপুৰক যেতিয়া এই ছবিখনৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ প্ৰথমতে মান্তি হৈছিল যদিও পিছলৈ ছবিখনত কোনো ধৰণৰ নতুনত্ব নাই বুলি ইয়াক নাকচ কৰি পেলাইছিল।

জানেনে? ৰণৱীৰ সিঙৰ সফলতাৰ আঁৰৰ ব্যক্তি আছিল ৰণৱীৰ কাপুৰ! 2

তাৰ পিছত য়শ ৰাজ ফিল্মচে “বেণ্ড বাজা বাৰাত” ৰ নায়কৰ বাবে হাজাৰটা স্ক্ৰীণপ্লে কৰিলে আৰু অৱশেষত ৰণৱীৰ সিঙক ছবিখনৰ নায়ক ৰূপে ধাৰ্য্য কৰিলে। ঠিক তেনেদৰে, জয়া আখতাৰে নিজৰ ছবি “দিল ধড়কনে দো” ৰ বাবে ৰণৱীৰ কাপুৰক সুধিছিল কিন্তু ৰণৱীৰ কাপুৰ এই ছবিখনৰ বাবেও অমান্ত হৈছিল আৰু পিছলৈ এই চৰিত্ৰটো ৰণৱীৰ সিঙক দি দিয়া হয়।

জানেনে? ৰণৱীৰ সিঙৰ সফলতাৰ আঁৰৰ ব্যক্তি আছিল ৰণৱীৰ কাপুৰ! 3


যেতিয়া, “বেণ্ড বাজা বাৰাত” ছবিখন লাভ কৰাত ৰণৱীৰ সিং উৎফুল্লিত হৈ পৰিছিল আৰু তেতিয়াই তেওঁক কোনোবা এজনে কৈছিল যে, “ৰণৱীৰ কাপুৰৰ ছবিহে লাভ কৰিছা; তাৰ প্ৰেয়সী নহয়টো।” তেতিয়া ৰণৱীৰেও উত্তৰত “সেয়াও মোৰ হৈ যাব” বুলি কৈছিলে। তাৰ পিছত, বৰ্তমান কোন কাৰ সৈতে আৰু কাৰ বিবাহিত যুঁটিৰ চৰ্চা সকলোতে চলিছে সেয়া নক’লেও হয়টো আপোনালোকে বুজিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.