সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি “দিল বেছাৰা” ট্ৰেইলাৰ ইতিমধ্যে মুকলি কৰি দিয়া হ’ল চচিয়েল মিডিয়াত। তেওঁৰ শেষৰখন ছবিক লৈ অপেক্ষাৰত হৈ আছিল তেওঁৰ অনুৰাগীৰ লগতে বিভিন্ন জন অভিনেতা-অভিনেত্ৰীও। ট্ৰেইলাৰটো মুক্তিৰ পিছতেই ই ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত; কোনো যদি আৱেগিক হৈছে তাতেই আকৌ কোনোবাজন হৈ পৰিছে উদাস। এক মিশ্ৰিত অনুভূতিৰে সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবিৰ ট্ৰেইলাৰ উপভোগ কৰিছে সকলোৱে; সাধাৰণজনে ট্ৰেইলাৰটোক উদ্দেশ্যি বিভিন্ন পোষ্ট আপলোড কৰাৰ সমান্তৰালকৈ সুশান্তৰ সৈতে অভিনীত অথবা তেওঁৰ শুভাকাংক্ষীৰূপে থকা বিভিন্ন গৰাকী অভিনেতা-অভিনেত্ৰীও ট্ৰেইলাৰটো উদ্দেশ্যি পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছে। কৃতি সেনন, ভূমি পেডনেকাৰ, ৰাজকুমাৰ ৰাওঁ, ফাৰহান আখতাৰ, মীৰা চোপ্ৰা আদিকে ধৰি বিভিন্ন জনৰ পোষ্ট সমূহ চাওঁচোন আহকঃ
মুকেশ ছাৱড়াৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত সুশান্তৰ উপৰিও মূখ্য চৰিত্ৰত অভিনয় কৰিছে সঞ্জনা সাংঘীয়ে। ২৪ জুলাই তাৰিখে ছবিখনক মুকলি কৰিছে কৰি দিয়া হ’ব ডিজনী+হটষ্টাৰ নামে এপটোত। উল্লেখ্য যে, ছবিখন চাবলৈ দৰ্শকক কোনো ধৰণৰ চাবস্ক্ৰীপচনৰ প্ৰয়োজন নহ’ব।







Add comment