Rupaliparda.com
সৰ্বত্ৰে চৰ্চিত "I like your T-Shirt" আৰু কিছু মতামতঃ 1

সৰ্বত্ৰে চৰ্চিত “I like your T-Shirt” আৰু কিছু মতামতঃ

“প্ৰেম”, “ভালপোৱা” আদি অনুভূতিয়ে অন্য প্ৰত্যেকটো অনুভূতিৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ জানে। সেয়া এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজৰেই হওঁক বা পিতৃ-মাতৃৰ লগত নিজ সন্তানৰেই হওঁক অথবা বন্ধু-বান্ধৱীৰ মাজেৰেই হওঁক। এই আটাইবোৰ সম্পৰ্ক ধৰি ৰখা নামটোৱেই হৈছে “প্ৰেম” নাইবা “ভালপোৱা”। আমি কোনোবাগৰাকী যদিও কাৰোবাৰ প্ৰেয়সী নহ’ও তৎস্বত্বেও আমাৰ হৃদয়ত থকা কোনোবাজন ব্যক্তিক লৈ সদায় সহানুভূতি থাকে। কিছুদিন পূৰ্বে চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন চুটি ছবি হৈছিল “I like your T-Shirt”। চুটি ছবিখন মুক্তি লাভ কৰা পিছতেই ইয়াৰ কাহিনী আৰু অভিনয়ে চৰ্চা লাভ কৰিছিল সৰ্বত্ৰে। চুটি ছবিখনত বৰ্তমানৰ ইউটিউব ভিউৱাচৰ প্ৰতিও যদি লক্ষ্য কৰো তেনেহ’লে ই হৈছে ২ লাখতকৈও অধিক। ছবিখনৰ কাহিনীভাগ সৰল অথচ হৃদয়স্পৰ্শী আছিল; এগৰাকী কেঞ্চাৰ ৰোগীয়ে তেওঁৰ শেষ উশাহটোতো পত্নীক দুখ দিবলৈ বিচৰা নাছিল ফলত তেওঁ পত্নীৰ পৰা বিচাৰিছিল বিবাহ বিচ্ছেদ।

সৰ্বত্ৰে চৰ্চিত "I like your T-Shirt" আৰু কিছু মতামতঃ 2


ইয়াত মূ্খ্য চৰিত্ৰত অভিনয় কৰিছিল কমল লোচন আৰু শ্ৰেষ্ঠা চৌধুৰীয়ে। কমল লোচনৰ অভিনয়ৰ হাজাৰ জন অনুৰাগীয়ে আকৌ এবাৰ তেওঁ সুন্দৰ অভিনয় উপভোগ কৰাৰ সুবিধা লাভ কৰিছিল “I like your T-Shirt” ত। কিন্তু, মূখ্য চৰিত্ৰত অভিনীত নৱপ্ৰজন্মৰ শ্ৰেষ্ঠাই তেওঁৰ সৈতে অভিনয় কৰিছিল যদিও কিছুক্ষেত্ৰত ছবিখনত অধিক গুৰুত্ব কমল লোচনে লাভ কৰা যেন অনুভৱ হৈছিল। অভিনয়ৰ ক্ষেত্ৰত শ্ৰেষ্ঠাই নিজ পাৰদৰ্শিতা দেখুওৱাৰ ক্ষেত্ৰত কোনো খুঁট ৰখা নাছিল যদিও তেওঁক কিছু ক্ষেত্ৰত কমল লোচনে আঁৰ কৰি ৰখা যেন অনুভৱ হৈছিল। চুটি ছবিখনৰ কিছু দৃশ্যাংশত “ধাৰাবাহিকতা” ভাবটো ৰৈ গৈছিল; য’ত দৰ্শকৰ উপভোগত কিছু খেল-মেলিৰ সৃষ্টি হৈছিল।

সৰ্বত্ৰে চৰ্চিত "I like your T-Shirt" আৰু কিছু মতামতঃ 3


স্বাধীনভাৱে ও পৰীক্ষামূলক ভাৱে নিৰ্মাণ কৰি উলিওৱা এই ছবিখনৰ কাহিনী সঁচাকৈ আছিল ধুনীয়া আৰু ইয়াৰ উপস্থাপনৰ ক্ষেত্ৰতো সুন্দৰতা ফুঁটি উঠে। কাৰিকৰী দিশৰ ফালৰ পৰা কিছু বিজুতিৰ সৃষ্টি হৈছিল কিন্তু, ছবিখনৰ সৈতে জড়িত শিল্পী, কলা-কুশলীৰ প্ৰচেষ্টাই ইয়াক বহু ক্ষেত্ৰত ঢাকিবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform