Rupaliparda.com
সুদক্ষ অভিনেত্ৰীৰ লগতে ফিট ব'ডিৰ অধিকাৰী জেৰিফা ৱাহিদঃ 1

সুদক্ষ অভিনেত্ৰীৰ লগতে ফিট ব’ডিৰ অধিকাৰী জেৰিফা ৱাহিদঃ

জেৰিফা ৱাহিদৰ শেহতীয়াকৈ আপলোড কৰা এখন ফটোৱে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। অসমীয়া অভিনেত্ৰী সমূহৰ ভিতৰত জনপ্ৰিয় হৈ থকা নাম ও সুদক্ষ অভিনেত্ৰী জেৰিফা ৱাহিদে নিজ ফিটনেছক লৈও মনোযোগ দিয়ে। ইনষ্টাগ্ৰামত অলপতে দেখিবলৈ পোৱা তেওঁৰ ফিট ব’ডিৰ ফটোখনেও আচলতে আকৰ্ষণ কৰিছে তেওঁৰ অনুৰাগীক। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত ছবি “অভিমান” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা এই অভিনেত্ৰী গৰাকী স্কুল গৈ থকাৰ পৰাই জড়িত হৈছিল অভিনয়ৰ সৈতে। সেইটো সময়তে তেওঁ কেইবাখনো ছবি ক্ৰমে, “অগ্নিগড়”, “অতিক্ৰম” আদিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু মিউজিক এলবামত অভিনীত জেৰিফাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল “তুমি মোৰ মাথো মোৰ” ছবিখনৰ পৰা। জুবিন গাৰ্গৰ সৈতে উক্ত ছবিখনত জেৰিফাই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল।


যদুমণি দত্তৰ দ্বাৰা পৰিচালিত “অগ্নিসাক্ষী” ছবিখনৰ বাবে জেৰিফা ৱাহিদে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটাত মূখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ লগতে “দুৱাৰ” ছবিখনৰ বাবে তেওঁ লাভ কৰিছিল “প্ৰথম পূব ফিল্মফেয়াৰ এৱাৰ্ড ২০১৪” ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। জেৰিফা ৱাহিদ হৈছে প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী যিয়ে নিজাববীয়াকৈ প্ৰডাকচন হাউচ; নাম “জেৰিফা ৱাহিদ প্ৰডাকচনচ” খুলিছিল। জেৰিফা ৱাহিদে বিভিন্ন ছবি তথা ভিচিডি আদিত অভিনয় কৰাৰ উপৰিও থিয়েটাৰ সমূহতো সক্ৰিয় ৰূপে অভিনয় কৰিছিল। সমাজৰ বিভিন্ন কাৰ্য-কলাপতো বৰ্তমান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এই গৰাকী অভিনেত্ৰী জেৰিফা ৱাহিদক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.