নেপোটিজিমক লৈ পূৰ্বেও কৰণ জহৰক ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কৰণ জহৰক প্ৰতিটো সময়ত জনসাধাৰণে বহুল হাৰত ট্ৰোল কৰিবলৈ আৰম্ভ কৰিছিল আৰু এইবোৰৰ ফলতেই এতিয়া ভাঙি পৰিছে পৰিচালক ও প্ৰযোজক কৰণ জহৰ। এখন ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংবাদ মাধ্যমত কৰণ জহৰৰ এগৰাকী বন্ধুয়ে কয় যে “এইটো সময়ত কৰণ বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। সুশান্তৰ মৃত্যুৰ পিছত সকলোৱে তেওঁৰ ওপৰত যেনেদৰে ক্ষোভ ব্যক্ত কৰিছে তাক দেখি ভিতৰৰ পৰা ভাঙি পৰিছে কৰণ জহৰ।” ইয়াৰ উপৰিও তেওঁৰ বন্ধুয়ে কয় যে, “কৰণৰ আত্মীয় অথবা তেওঁৰ সৈতে থকা সম্পৰ্ক ৰখা আটাইবোৰকেই জনসাধাৰণে টাৰ্গেট কৰিছে আৰু ইয়াক লৈ কৰণে নিজকেই দোষী বুলি ভাৱে। তেওঁ নিজৰ ৩ বছৰীয়া সন্তানটোক প্ৰাণে মৰা ভাবুকি লাভ কৰিছে বৰ্তমান।”

ইয়াৰ লগতে কৰণক বৰ্তমান ফোন কৰাৰ লগে লগেই কৰণে কান্দি দিয়াৰ লগতে তেওঁ কি ভুল কৰিছিল বুলি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰা বুলি বন্ধুজনে ব্যক্ত কৰে। কৰণ বৰ্তমান একো ক’ব পৰা পৰিস্থিতিতেই নাই বুলি প্ৰকাশ কৰে বন্ধুজনে। যোৱা ১৪ জুনত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হোৱা পিছতেই ইয়াৰ আঁৰত কৰণ জহৰ থকা বুলি মত প্ৰকাশ কৰি বিভিন্ন জনে ট্ৰোল কৰা আৰম্ভ কৰে তেওঁক।
Add comment