Rupaliparda.com
সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী "বেগমজান"কঃ 1

সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী “বেগমজান”কঃ

ধাৰাবাহিক “বেগমজান” ক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। ইজনৰ পিছত সিজনে ধাৰাবাহিকখনক লৈ দিছে একোটা পোষ্ট; কোনোৱে যদি ধাৰাবাহিকখনৰ ওপৰত ক্ষোভ উজাৰিছে ,আনহাতে আকৌ কোনোৱে ধাৰাবাহিকখন আধাতে বন্ধ কৰি দিবলৈ সকীয়নি দিছে। মুঠতে, ধাৰাবাহিকখনৰ আৰম্ভণি হোৱাৰ পিছতে হাঁহাকাৰৰ সৃষ্টি হৈছে সচেতন মহলত। ৰেঙণি চেনেল যোগে সন্ধিয়া ৬.৩০, ৮.৩০ বজাত আৰু নিশা ১১ বজাত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ পৰিচালনা পৱন মহন্তৰ।

সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী "বেগমজান"কঃ 2

ধাৰাবাহিকখনত গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে প্ৰীতিকংকনা, মৃদুল বৰুৱা, কমলেশ শইকীয়া আৰু কেইবাগৰাকী ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। ধাৰাবাহিকখনক লৈ বিগত দিনৰ পৰাই চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি দৰ্শকক আপ্লুত কৰি ৰাখিছিল অভিনেত্ৰী প্ৰীতিকংকনাই। এগৰাকী ব্ৰাহ্মণ ছোৱালীক মুছলমানলৈ দিয়া বিবাহৰ দৃশ্যই ধাৰাবাহিক খনে “লভ জেহাদ” ক উদ্গনি জগোৱা বুলিও একাংশই মন্তব্য কৰে।

সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী "বেগমজান"কঃ 3
সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী "বেগমজান"কঃ 4
সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী "বেগমজান"কঃ 5
সম্প্ৰচাৰৰ পিছতেই বন্ধ কৰাৰ দাবী "বেগমজান"কঃ 6


সম্প্ৰতি সৃষ্ট পৰিৱেশৰ মাজত সম্প্ৰচাৰিত এই ধাৰাবাহিক খনৰ বিভিন্ন দৃশ্যই ধৰ্মীয় মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে প্ৰকাশ কৰিছে বিভিন্নজনে। অসম ব্ৰাহ্মণ যুৱ পৰিষদে ধাৰাবাহিকখন বন্ধ কৰিবলৈ কোৱাৰ লগতে ধাৰাবাহিক খনৰ পৰিচালক ও প্ৰযোজকক ক্ষমা খুজিবলৈও দাবী জনায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.