Rupaliparda.com
নীনা গুপ্তাৰ মুখেৰে শুনক "চৌলী কে পিছে ক্যা হে" ৰ আঁৰৰ কাহিনীঃ 1

নীনা গুপ্তাৰ মুখেৰে শুনক “চৌলী কে পিছে ক্যা হে” ৰ আঁৰৰ কাহিনীঃ

বলীউডত নিজৰ “ব’ল্ড ইমেজ” ৰ বাবে চৰ্চিত নীনা গুপ্তাই দৰ্শকৰ আগত প্ৰকাশ কৰিলে জনপ্ৰিয় গীত “চৌলী কে পিছে ক্যা হে” ৰ নিৰ্মাণৰ এক সৰু ঘটনা। উক্ত গীতটিৰ কৰিঅ’গ্ৰাফী কৰিছিল খ্যাতনামা নৃত্যশিল্পী সৰোজ খানে; তেওঁৰ মৃত্যুৰ পিছত এই গীতটিৰ ৰোমন্থন কৰি এটি ভিডিঅ’ শ্বেয়াৰ কৰে অভিনেত্ৰী নীনা গুপ্তাই। উল্লেখ্য যে, গীতটি মুক্তি লাভ কৰা পিছতেই ই সচেতন মহলত খলকনি লগাইছিল যদিও ই পিছলৈ ঠিক হৈ যায়। গীতটিক লৈ নীনাই কয় যে,”গীতটোৰ শ্বুটিং কৰি থকা সময়ত মই কি কৰো/কি নকৰো যেন হৈ পৰিছিলো; কাৰণ মই শুনিছিলো যে সৰোজ খানে বহু ডাঙৰ ডাঙৰ চিলেব্ৰেটীৰ সৈতে ইতিমধ্যে কাম কৰি আহিছে আৰু ইয়াৰ বিপৰীতে মাধুৰী দীক্ষিত হৈছে এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী। গীতটোৰ শ্বুটিঙৰ প্ৰথমটো দিনাই মই বিচলিত হৈছিলো যদিও মাধুৰী দীক্ষিত আৰু সৰোজ খানে এইটোত গুৰুত্ব দিছিল যে মই এগৰাকী প্ৰফেচনেল ডেন্সাৰ নহয়। লাহে লাহে সৰোজ খানে মোক সহজ কৰি ল’লে আৰু তেওঁ মোক মই কৰি ল’ব পাৰিম বুলি আশ্বাস দিলে।”

নীনা গুপ্তাৰ মুখেৰে শুনক "চৌলী কে পিছে ক্যা হে" ৰ আঁৰৰ কাহিনীঃ 2


ইয়াৰ উপৰিও নীনাই কয় যে, “সৰোজ খানে মোক মোক যিসমূহ নৃত্যৰ ভংগিমা দিলে তাৰ পৰা মই বুজি গ’লো যে তেওঁ মোৰ পৰা কি কৰোৱাব বিচাৰিছে।” কিছুদিন পূৰ্বে হোৱা সৰোজ খানৰ মৃত্যুয়ে বলীউডক পুনৰ বাৰ শোকাহত কৰি তুলিছিল। উশাহ লোৱাত কষ্ট পোৱা বাবে মুম্বাইৰ এখন হাস্পাতালত মৃত্যু বৰণ কৰে নৃত্যশিল্পী গৰাকীয়ে। সৰোজ খানে নিজৰ কৰিঅ’গ্ৰাফীৰ বাবে তিনিবাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.