Rupaliparda.com
"ক'ৰোণা" ক সোনকালে আঁতৰিবলৈ হুংকাৰ দিছে অমৃতা গগৈয়েঃ 1

“ক’ৰোণা” ক সোনকালে আঁতৰিবলৈ হুংকাৰ দিছে অমৃতা গগৈয়েঃ

সম্প্ৰতি পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে বিভিন্নজন লোক। পৰিস্থিতিটোৰ অতি সোনকালেই সাম কটাতো বিচাৰিছে এতিয়া সাধাৰণজনৰ লগতে অসমীয়া অভিনেতা-অভিনেত্ৰীও; প্ৰায় সকলো শিল্পীয়ে এতিয়া মনত পেলাইছে তেওঁলোকৰ কৰ্মব্যস্ততাক ও শ্বুটিং সময়ৰ বিভিন্ন আখৰাক। বিভিন্ন ধৰণে যদিও নিজক ব্যস্ত ৰখাৰ চেষ্টা কৰিছে তৎস্বত্বেও চচিয়েল মিডিয়াত এওঁলোকে কৰা একোটা পোষ্টযোগে বুজিব পাৰি এওঁলোকে নিজ ব্যস্ততাক যে নিতৌ মনত পেলাইছে। অসমীয়া অভিনেত্ৰী সমূহৰ ভিতৰত আটাইতকৈ সক্ৰিয় হৈ থকা অভিনেত্ৰী গৰাকী হৈছে অমৃতা গগৈ; তেওঁ “লক-ডাউন” ৰ দিনকেইটাত প্ৰায়ে ভিন্ন ব্যঞ্জন তৈয়াৰ কৰি লগতে ফিটনেছৰ কিছু ভিডিঅ’ প্ৰস্তুত কৰি আপলোড কৰা দেখিবলৈ পোৱা গৈছিল। অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেল যোগে এই সমূহ ভিডিঅ’ আপলোড কৰি অনুৰাগীৰ কাষ চাপিছিল তেওঁ।

https://www.instagram.com/p/CCpps9JpYEE/?utm_source=ig_web_copy_link


উল্লেখ্য যে, অভিনেত্ৰী অমৃতা গগৈক বিগত বছৰৰ ডিচেম্বৰ মাহত মুক্তিপ্ৰাপ্ত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল। অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে দৰ্শকক আকৰ্ষণ কৰিছিল যদিও ছবিখন মুক্তি পোৱা সময়ছোৱাতে ৰাজ্যত আৰম্ভ হোৱা বিতৰ্কিত “কা” বিৰোধী আন্দোলনে ছবিখনৰ বস্ক অফিচ কালেকচনত প্ৰভাৱ বিস্তাৰ কৰে। চলিত বৰ্ষতো অমৃতাৰ কেইবাখনো ছবি মুক্তি লাভ কৰা কথা আছিল। এই ছবিসমূহ এতিয়া কেতিয়াকৈ মুক্তি লাভ কৰিব সেয়া এতিয়াও অনিশ্চয়তাৰ কবলত।


উল্লেখ্য যে, “ছয়গাঁৱৰ চম্পা” লগতে “অহেতুক” ত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰা অমৃতা গগৈৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। প্ৰায়ে বিভিন্ন পোষ্টৰ দ্বাৰা দৰ্শকক আপ্লুত কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform