Rupaliparda.com
" সুশান্ত এনে কি মানসিক স্থিতিত আছিল যাৰ বাবে তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰিলে"- ৰিয়া চক্ৰৱৰ্তী 1

” সুশান্ত এনে কি মানসিক স্থিতিত আছিল যাৰ বাবে তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰিলে”- ৰিয়া চক্ৰৱৰ্তী

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত চি.বি.আই তদন্তৰ দাবী জনাইছিল তেওঁৰ অনুৰাগীয়ে। অভিনেতা গৰাকীৰ প্ৰায় সকলোবোৰ পোষ্টতে তেওঁৰ অনুৰাগীয়ে হেছটেগ দি অভিনেতাগৰাকীক ন্যায় দিয়াৰ দাবী জনোৱা দেখিবলৈ পোৱা গৈছে। সুশান্তৰ মৃত্যুৰ পিছত একাংশই তেওঁৰ মৃত্যুৰ বাবে দায়ী হিচাপে ঘোষণা কৰিছিল তেওঁৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকো। কিন্তু বৰ্তমান ৰিয়াই নিজেও অভিনেতা গৰাকীৰ মৃত্যুৰ বাবে চি.বি.আই তদন্তৰ দাবী জনাইছে। শেখৰ চুমন, ৰূপা গাংগুলীকে ধৰি আন কেইবাগৰাকীও তাৰকাই পূৰ্বৰে পৰা সুশান্তৰ মৃত্যুৰ কাৰণ জানিবলৈ চি.বি.আই তদন্তৰ কথা প্ৰকাশ কৰিছিল। ৰিয়া চক্ৰৱৰ্তীয়ে পোষ্ট যোগে কয় যে, “অমিত সাহ ছাৰ, মই সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী; তেওঁৰ মৃত্যুৰ বৰ্তমান এমাহ সম্পূৰ্ণ হৈছে। মোৰ চৰকাৰৰ ওপৰত পূৰ্ণ বিশ্বাস আছে, তথাপিও মই হাত যোঁৰ কৰিছো কাৰণ এই বিষয়টোত চি.বি.আই তদন্ত হ’ব লাগে। মই মাত্ৰ জানিব খুজিছো যে সুশান্ত এনে কি মানসিক স্থিতিত আছিল যাৰ বাবে তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰিলে।”


ৰিয়াই অভিনেতা গৰাকীৰ দুখন ফটোৰে আৱেগিক পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছিল কিন্তু তাতো একাংশই তেওঁক কটু বাক্যবান মৰা দেখা পোৱা যায়। আনহাতে, অভিনেত্ৰী গৰাকীয়ে এখন স্ক্ৰীণচটো শ্বেয়াৰ কৰে য’ত অভিনেত্ৰী গৰাকীক এজন ব্যক্তিয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। উল্লেখ্য যে, সুশান্তৰ বিষয়টোক লৈ ৰিয়া চক্ৰৱৰ্তী আৰু মহেশ ভাটৰ সম্পৰ্ককো আজুৰি অনা হৈছিল।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.