মুক্তিৰ পূৰ্বেই চৰ্চিত হৈছে সুশান্ত সিং ৰাজপুতৰ ছবি “দিল বেছাৰা”। ছবিখনৰ মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰ লগতে ইয়াৰ শীৰ্ষ গীতটি সকলোৱে পচন্দ কৰাৰ উপৰিও ছবিখনক লৈ উৎসাহিতও হৈ আছে বিভিন্নজন। ছবিখন OTT প্লেটফৰ্ম অৰ্থাৎ ডিজনী+হটষ্টাৰত চলিত মাজৰ ২৪ জুলাইত মুক্তি পাব যদিও একাংশই এই ছবিখন ছবিগৃহতহে চাবলৈ বিচাৰিছিল। সুশান্তৰ এনে কিছু অনুৰাগীও আছিল যিয়ে ছবিখনৰ বাবে ছবিগৃহসমূহ খোলালৈ অপেক্ষা কৰিম বুলি জনাইছিল। কিন্তু, অভিনেতা সুশান্তে নিজেও জানিছিল যে ছবিখন মুক্তি দিয়া হ’ব ডিজিটেল প্লেটফৰ্মত। ছবিখনৰ নিৰ্মাতা মুকেশ ছাৱড়াই এক সাক্ষাৎকাৰত জনাইছিল যে অভিনেতা সুশান্ত ছবিখনৰ এই কথাক লৈ অৱগত আছিল আৰু তেওঁ এই কথাক লৈ সুখীও হৈ পৰিছিল।


ছবিগৃহ সমূহ খোলাৰ অনিশ্চয়তাৰ কথা সুশান্তে জানিছিল আৰু সেইবাবেই তেওঁ ছবিখন ডিজিটেলী মুক্তি পোৱাৰ কথাটোক লৈ সুখী হৈছিল কিয়নো ছবিখন OTT প্লেটফৰ্মত মু্কলি হ’লে ইয়াক সমগ্ৰ দৰ্শকে উপভোগ কৰিব পাৰিব। ইয়াৰ লগতে পৰিচালক গৰাকীয়ে জনাই যে, “সুশান্তে ছবিখনৰ ফাইনেল কাট চাবলৈ নাপালে যদিও তেওঁ ডাবিংগ সময়লৈ লগত আছিল। সুশান্ত ছবিখনক লৈ সাংঘাতিক উৎস্যুক হৈ আছিল আৰু আমি দুয়ো মিলি মাৰ্কেটিং প্লেন কৰিছিলো।”
Add comment